২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া। বুধবাৰে নিশা জাফৰ এক্সপ্ৰেছ অভিযান সামৰণি পৰা বুলি ঘোষণা কৰিছিল পাকিস্তান চৰকাৰে। সকলো পণবন্দীক উদ্ধাৰ কৰা বুলি পাকিস্তানে ঘোষণা কৰিছিল। ৩৩ বালুচিস্তান লিবাৰেশ্যন আৰ্মিৰ সদস্য নিহত হৱা বুলিও দাবী কৰিছিল পাক চৰকাৰে। কিন্তু শনিবাৰে বালোচ বিদ্ৰোহীৰ এক বিবৃতিৰে পাকিস্তানৰ সকলো দাবীক নস্যাৎ কৰিলে। বালোচ বিদ্ৰোহীৰ দাবী

৪৮ ঘণ্টাৰ সময়সীমা নামানিলে পাকিস্তান চৰকাৰে। BLA-এ দাবী নমনাৰ বাবেই ২৪০ পণবন্দীক হত্যা। হত্যা কৰা লোকসকল পাক সেনাৰ সৈতে জড়িতৰ দাবী BLA-ৰ। বাস্তৱতাক অস্বীকাৰ কৰি পাক সেনাই অভিযান চলায় আৰু আলোচনাৰ বাবে পাক চৰকাৰে আগ্ৰহ প্ৰকাশ নকৰাৰ বাবেই পণবন্দীক হত্যা কৰিব লগা হ’ল বুলি দাবী কৰিছে বালোচ বিদ্ৰোহীয়ে। ৰে’ল হাইজেকৰ পিছতে বালোচ বিদ্ৰোহীয়ে বহু সংখ্যাক লোকক পণবন্দী কৰে। BLA–এ পণবন্দীক মুক্তিৰ বাবে চৰ্ত আছিল।

পাকসেনাই বন্দী কৰি ৰখা BLAৰ সদস্যসকলক মুক্তি। কিন্তু পাকিস্তান চৰকাৰে BLAৰ চৰ্ত মানি লোৱাৰ আগ্ৰহ নেদেখুৱালে। পূৰ্বৰ দৰে পাক সেনাৰ আগ্ৰাসনহে দেখুৱালে। যাৰ বাবেই বিষণ পৰিণতি সন্মুখীন হ’ল ২১৪ গৰাকী পণন্দীৰ। BLA–ৰ এই ঘোষণাৰ পিছতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বালোচ বিদ্ৰোহীৰ দাবী সঁচা হ’লে পাকিস্তান চৰকাৰে ‘সকলো পণবন্দীক উদ্ধাৰ’ আৰু ৩৩ বিদ্ৰোহী মৃত্যু হোৱাৰ দাবী মিছা বুলি প্ৰমাণ হ’ব। যোৱা মঙলবাৰে কোয়েটা–পেছোৱাৰ পথত চলা জাফৰ এক্সপ্ৰেছ হাইজেক কৰিছিল BLA–এ হাইজেক কৰে।

ৰে’লখনত আছিল মুঠ ৪৪০ যাত্ৰী। মহিলা–শিশুসকলক লগে লগে মুক্তি দিয়ে। কিন্তু BLA–এ শেহতীয়া বিবৃতিয়েয়ে পাক চৰকাৰৰ দাবীক সন্দেহৰ আবৰ্তলৈ আনিছে। এতিয়াও স্পষ্ট হোৱা কোনে আচলতে সঁচা কথা কৈছে। ইফালে ৰে’ল হাইজেকৰ আঁৰত ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ থকা বুলি পাকিস্তানে দাবী কৰিছে। ভাৰতে অৱশ্যে পাকিস্তানৰ দাবী নস্যাৎ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...