১৮ মাৰ্চত মুকলি কৰা হ’ব আৰ আৰ-কে কে আৰ আই পি এল মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট কাউণ্টাৰচি এছ কে-আৰ আৰ মেচৰ অন্তিম পৰ্যায়ৰ টিকট মুকলি

গুৱাহাটী, ১৫ মাৰ্চ ঃ অহা ২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ মেচখনৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকট অহা ১৮ মাৰ্চত মুকলি কৰা হ’ব৷ এই টিকট কিন্তু অনলাইনত উপলদ্ধ নহয়৷ বিপৰীতে মহানগৰীত বিশেষ স্থানত টিকট কাউণ্টাৰ মুকলি কৰা হ’ব৷ কাউণ্টাৰলৈ প্ৰথমে অহা জনে টিকট সংগ্ৰহ কৰিব পাৰিব৷ টিকট কাউণ্টাৰৰ স্থান আৰু মুকলি কৰাৰ সময় আগদিনা জনোৱা হ’ব৷

উল্লেখ্য যে এই টিকট ক্ৰয় কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমান প্ৰত্ৰ দেখুৱাব লাগিব৷ টিকটৰ মুল্য পাঁচশ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এল দল যিয়ে ছাত্ৰ-ছাত্ৰীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্ৰ-ছাত্ৰীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট মুকলিৰ দিন পৰবৰ্তী সময়ত ঘোষণা কৰা হ’ব৷

ইফালে, অহা ৩০ মাৰ্চৰ চি এছ কে আৰু আৰ আৰ দলৰ মেচখনৰ অন্তিম পৰ্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ যিসকল দৰ্শকে এই মেচখন উপভোগ কৰাৰ আশা কৰিছে এয়াই হ’ব টিকট ক্ৰয়ৰ অন্তিম সুযোগ৷ প্ৰায় ৩৫ হেজাৰ দৰ্শক বহিব পৰাৰ সুবিধা থকা এ চি এ ষ্টেডিয়ামৰ উক্ত মেচখনৰ দুই-তিনি হেজাৰ টিকটহে বিক্ৰি হ’বলৈ বাকী আছে৷ অৱশ্যে আই পি এল উপভোগ কৰিব বিচৰা গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে দ্বিতীয় মেচখনৰ টিকটৰ পৰা বঞ্চিত হ’লেও অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷ বুক মাই শ্ব’ত এই মেচৰ প্ৰায় দহ হেজাৰ টিকট এতিয়াও আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...