গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন। দিছপুৰ আৰক্ষী জালত বৃহৎ মহিলা গাড়ী চুৰি চক্ৰ। কেইদিনমান পূৰ্বে গুৱাহাটীৰ এটা এজেন্সীৰ এজেন্সীৰ পৰা নোহোৱা হৈছিল ২খনকৈ বাহন। শ্বিলং যোৱাৰ নামত চেল্ফ ড্ৰাইভৰ বাবে তিনিগৰাকী যুৱতীয়ে বুক কৰিছিল বাহন। কিন্তু শ্বিলঙৰ পৰিৱৰ্তে তিনিওখন বাহন লৈ গৈছিল অন্য দিশে। বাহনৰ গন্তব্য স্থান সলনি হোৱাত গৰাকীৰ মনত উপজিছিল সন্দেহ। পৰৱৰ্তী সময়ত গাড়ী লৈ যোৱা যুৱতীকেইগৰাকীক বাহনৰ গৰাকীয়ে ফোন কৰিছিল যদিও পোৱা নাছিল কোনো উত্তৰ। পিছত বাহনৰ গৰাকী চিন্ময় কলিতাই দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। আনফালে বাহন বুকিং কৰা ৩ যুৱতীয়ে এজেন্সীত জমা দিয়া আধাৰ কাৰ্ড, পান কাৰ্ড আছিল ভুৱা। দিছপুৰ আৰক্ষীৰ তদন্তত চুবুৰীয়া ৰাজ্যৰ ব’ৰ্ডাৰৰ পৰা জব্দ কৰে বাহনকেইখন। ঘটনা সন্দৰ্ভত ৩ যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ । সম্প্ৰতি দিছপুৰ থানাতে ৰখা হৈছে গাড়ী চুৰি চক্ৰৰ আটাইকেইগৰাকী যুৱতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...