বান্ধৱীৰে সুৰাপান কৰি ৰাজপথত তাণ্ডৱ, বেলতলাত সন্ত্ৰাসৰ সৃষ্টি কৰা যুৱতীগৰাকী কোন?

সুৰাই মানুহক ক’ৰ ক’লৈ লৈ যাব পাৰে এবাৰ ভাবক। সুৰাৰ বাবেই বাৰে বাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা। হোলীৰ দিনাও সুৰাৰ বাবেই গুৱাহাটীত সংঘটিত হ’ল একাধিক আনাকাংক্ষিত ঘটনা। বেলতলাত নিশা সুৰামত্ত যুৱতীয়ে চলালে তাণ্ডৱ। মুখত অশ্ৰাব্য শব্দ, লণ্ড-ভণ্ড কৰিলে ব্যৱসায় প্ৰতিষ্ঠান। সুৰাৰ ৰাগীত মাতাল এগৰাকী যুৱতীয়ে সৃষ্টি কৰিলে সন্ত্ৰাসৰ। একাংশ লোকে আৱদ্ধ কৰিলে যুৱতীগৰাকীক। আন যুৱতীৰ সৈতেও চুলিয়াচুলিত লিপ্ত যুৱতীগৰাকী। একাংশই যুৱতীকো কৰিলে গ*ণপ্ৰহাৰ। ফালি চিৰাচিৰ কৰিলে কাপোৰ। ঘটনাক লৈ বেলতলাত নিশাৰ ভাগত সৃষ্টি হ’ল হুলস্থুলীয়া পৰিৱেশৰ।

ঘটনাৰ শেহতীয়া আপডেট। একমাত্ৰ NKTV PLUSৰ হাতত ৰাজপথত তাণ্ডৱ চলোৱা যুৱতীগৰাকীৰ পৰিচয়। প্ৰাপ্ত তথ্য অনুসৰি বেলতলাত তাণ্ডৱ চলোৱা যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াৰ ডুমডুমাত। গুৱাহাটীৰ এজন আত্মীয়ৰ ঘৰত থাকে যুৱতীগৰাকী। ফাকুৱাৰ দিনা বান্ধৱীৰ সৈতে সুৰাপান কৰিছিল যুৱতীগৰাকীয়ে। আৰক্ষীয়ে আজি আত্মীয়ক গতাই দিব যুৱতীগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...