বান্ধৱীৰে সুৰাপান কৰি ৰাজপথত তাণ্ডৱ, বেলতলাত সন্ত্ৰাসৰ সৃষ্টি কৰা যুৱতীগৰাকী কোন?

সুৰাই মানুহক ক’ৰ ক’লৈ লৈ যাব পাৰে এবাৰ ভাবক। সুৰাৰ বাবেই বাৰে বাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা। হোলীৰ দিনাও সুৰাৰ বাবেই গুৱাহাটীত সংঘটিত হ’ল একাধিক আনাকাংক্ষিত ঘটনা। বেলতলাত নিশা সুৰামত্ত যুৱতীয়ে চলালে তাণ্ডৱ। মুখত অশ্ৰাব্য শব্দ, লণ্ড-ভণ্ড কৰিলে ব্যৱসায় প্ৰতিষ্ঠান। সুৰাৰ ৰাগীত মাতাল এগৰাকী যুৱতীয়ে সৃষ্টি কৰিলে সন্ত্ৰাসৰ। একাংশ লোকে আৱদ্ধ কৰিলে যুৱতীগৰাকীক। আন যুৱতীৰ সৈতেও চুলিয়াচুলিত লিপ্ত যুৱতীগৰাকী। একাংশই যুৱতীকো কৰিলে গ*ণপ্ৰহাৰ। ফালি চিৰাচিৰ কৰিলে কাপোৰ। ঘটনাক লৈ বেলতলাত নিশাৰ ভাগত সৃষ্টি হ’ল হুলস্থুলীয়া পৰিৱেশৰ।

ঘটনাৰ শেহতীয়া আপডেট। একমাত্ৰ NKTV PLUSৰ হাতত ৰাজপথত তাণ্ডৱ চলোৱা যুৱতীগৰাকীৰ পৰিচয়। প্ৰাপ্ত তথ্য অনুসৰি বেলতলাত তাণ্ডৱ চলোৱা যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াৰ ডুমডুমাত। গুৱাহাটীৰ এজন আত্মীয়ৰ ঘৰত থাকে যুৱতীগৰাকী। ফাকুৱাৰ দিনা বান্ধৱীৰ সৈতে সুৰাপান কৰিছিল যুৱতীগৰাকীয়ে। আৰক্ষীয়ে আজি আত্মীয়ক গতাই দিব যুৱতীগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...