বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো

সুন্দৰী যুৱতীৰ নগ্ন ফটো পৰ্ণ চাইটত বিক্ৰী। বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো। যুৱতীৰ নগ্ন ফটোক লৈ দৰ-দাম। এক চাঞ্চল্যকৰ খবৰে চকু কপালত তুলিছে খোদ তদন্তকাৰী আৰক্ষীৰ। প্ৰাক্তন প্ৰেমিকে দুষ্ট চক্ৰৰ হাতত গতালে প্ৰেয়সীৰ অশ্লীল ফটো।

এক ভয় লগা বেহা। টকাৰ বিনিময়ত পৰ্ণ চাইটত অসমৰ যুৱতীৰ নগ্ন ফটো বিক্ৰী কৰিছে এটা দুষ্ট চক্ৰই। চাইবাৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ সত্য।

গুৱাহাটীৰ হাতীগাঁৱত বিভৎস কাণ্ড। নিষিদ্ধ পৰ্ণ চাইটৰ গ্রুপত যুৱতীৰ ফটো বিক্ৰী। কেৱল ইমানেই নহয়, অশ্লীল ফটোগ্ৰাফ বিক্ৰীৰ পূৰ্বে দুষ্ট চক্ৰৰ দৰ-দাম। টেলিগ্ৰামত যুৱতীৰ ফটো বিক্ৰিৰ ভয়ংকৰ বেহা। ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ থানাত ভূক্তভোগীৰ গোচৰ

06/25 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ আৰক্ষীৰ। দুষ্ট চক্ৰৰ কবলত পৰা ভূক্তভোগী যুৱতীগৰাকী কাহিলিপাৰৰ জটিয়াৰ। সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড গৌতম দাস। প্ৰাক্তন প্ৰেমিক গৌতম দাস আৰক্ষীৰ জালত। গৌতমক জেৰাৰ অন্তত আৰক্ষীয়ে অভিযান চলাই হাতীগাঁৱত। যুৱতীৰ নগ্ন ফটো টেলিগ্ৰামত বীট লগাই প্ৰচাৰ চক্ৰটোৰ। অভিযানত গ্ৰেপ্তাৰ ১৯ বছৰীয়া অভিযুক্ত মানচাহাব বিশ্বাস। দুই অভিযুক্ত এতিয়া থানাৰ লকআপত

প্ৰশ্ন হয়, কিমান যুৱতী-মহিলাৰ নগ্ন ফটো বজাৰত মেলি দিছে চক্ৰটোৱে? নগ্ন ফটোৰ নামত কিমান ধন হৰলুকি কৰিছে চক্ৰটোৱে? সকলো তথ্যৰ উত্তৰ বিচাৰি আৰক্ষীয়ে এতিয়া জেৰা অব্যাহত ৰাখিছে দুই অভিযুক্তক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...