ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক

ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক। ছিকিমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত এই অসাধ্য সাধন যুৱকজনৰ । ১৬ মে’ত সম্পূৰ্ণ হ’ব ছিকিম ৰাজ্য গঠনৰ ৫০ বছৰ। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ উদ্যোগত এই একক মাৰাথন দৌৰ। ৩৩ বছৰীয়া ক্ৰীড়াবিদ শান্তিৰাম নেপালৰ বিশেষ মাৰাথন। ছিকিমৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ যুৱকজনৰ এই মাৰাথন। দৈনিক ১২০ কিলোমিটাৰকৈ মাৰাথন যুৱকজনৰ। ৬০০ কিঃমিঃ মাৰাথন কৰি গুৱাহাটীৰ জালুকবাৰীত উপস্থিত যুৱকজন। গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰিব শান্তিৰাম নেপালে। খোজকঢ়াৰ ক্ষেত্ৰতো বহুকেইটা অভিলেখ গঢ়িছে যুৱকজনে। ২০১৪ চনত ৭২ ঘন্টাত ৫০০ কিঃমিঃ খোজকাঢ়ি অভিলেখ। লিমকা বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছিল শান্তিৰামে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...