ভাৰতৰ সাফল্যই বিশ্বজুৰি নতুন আশাৰ সঞ্চাৰ কৰিছে: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ সাফল্য আৰু উপলব্ধিয়ে সমগ্ৰ বিশ্বত নতুন আশাৰ সৃষ্টি কৰিছে। তেওঁ কয়, আজি সমগ্ৰ বিশ্বই কৈছে যে – এয়া ভাৰতৰ যুগ। নতুন দিল্লীত এটা ব্যক্তিগত সংবাদ চেনেলে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মোদীয়ে কয় যে, ভাৰতে আজি বিশ্বৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আজিৰ ভাৰতে ডাঙৰ সপোন দেখে, উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰে আৰু আচৰিত ফলাফল প্ৰদান কৰে। তেওঁ কয়, ভাৰত সৌৰশক্তিৰ ক্ষমতাৰ দিশৰ পৰা বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত আছে। তেওঁ জানিবলৈ দিয়ে যে, এতিয়ালৈকে প্ৰত্যক্ষ লাভ স্থানান্তৰ (Direct Benefit Transfer)ৰ জৰিয়তে একাউণ্টত ৪২ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। মোদীয়ে কয়, ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উঠাই অনা হৈছে। লগতে কয়, তেওঁ ৰাজনীতিলৈ ১ লাখ যুৱক-যুৱতীক আনিব বিচাৰে, অৱশ্যে তেওঁলোকৰ পৰিয়ালত প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা লোক হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...