এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ

এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে অপেক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে। কিয়নো এজাক বৰষুণেহে শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে। একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক। প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা।

কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল ফাগুনৰ বৰষুণজাক। শুকুৰবাৰৰ সন্ধিয়াৰ পৰাই গোমা হৈ পৰিল গুৱাহাটীৰ আকাশ। লাহে লাহে বৈ আছিল ফাগুণৰ পছোৱা বতাহ। ইয়াৰ সমান্তৰালভাৱে মহানগৰীলৈ নামি আহিল এজাক কিনকিনীয়া বৰষুণ। ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল এই চহৰলৈ। বৰষুণৰ পৰশ পাই যেন এই চহৰ সজীৱ উঠিল পুনৰবাৰ।

Popular

More like this
Related

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...

ঈদ খাবলৈ গৈ কৰুণ মৃত্যু একেখন গাঁৱৰে তিনিজনকৈ যুৱকৰ

ঈদৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল কোনেও কাহানিও নভবা অনাকাংক্ষিত ঘটনাটো।...

আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা। বিয়লি ৫ বজাত...

আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭ বজাৰ...