বিদ্যালয়ত নাচি নাচি চুৰি কৰিলে চোৰে

ভাতখোৱা নাইবা কাঁহী-বাটি ধুই লৈ যোৱা চোৰ নহয়। এইবাৰ ওলাইছে নাচি নাচি চুৰি কৰা চোৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী ইকৰাবাৰী বীনাপানি হাইস্কুলত নাচি নাচি চুৰি কৰিলে চোৰে। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ’ল CCTVত। চোৰে বিদ্যালয়খনৰ বিভিন্ন সামগ্ৰী লৈ যোৱাৰ উপৰিও লণ্ড-ভণ্ড কৰি থৈ যায় আচবাব। সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই দাখিল কৰিছে এজাহাৰ। ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...