বিলাসী বাহন নহয়, ট্ৰেক্টৰেৰে আনিবলৈ গ’ল কইনা

বিবাহ বুলি ক’লে সকলোৰে থাকে কিছুমান আশা আকাংক্ষা। ব্যতিক্ৰমী চিন্তাধাৰাৰে নিজৰ বিশেষ দিনটোক আৰু অধিক বিশেষ কৰি তোলাৰো থাকে বহুতৰে সপোন। তেনে এখন ব্যতিক্ৰমী বিবাহ সম্পন্ন হৈছে এইখন অসমতেই। কইনাক আনিবলৈ ট্ৰেক্টৰ লৈ ওলাল দৰা। বিলাসী পুষ্পসজ্জিত বাহনৰ পৰিৱৰ্তে বৰযাত্ৰীৰ সৈতে দৰা ওলাল ট্ৰেক্টৰ লৈ। ক’ত হৈছে এই ব্যতিক্ৰমী বিবাহখন জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন।

বিলাসী বাহন নহয়, ট্ৰেক্টৰেৰে আনিবলৈ গ’ল কইনা। সৰভোগৰ এখন ব্যতিক্রমী বিয়াক লৈ চলিছে ব্যাপক চৰ্চা।

ট্ৰেক্টৰেৰে কইনা আনিবলৈ সৰভোগলৈ গ’ল পাঠশালাৰ দৰা প্ৰীতম শৰ্মা। ট্ৰেক্টৰখনকেই সজাই-পৰাই কইনা প্ৰণামী সাউদক আনিবলৈ গ’ল দৰা প্ৰীতম শৰ্মাই।

কইনাঘৰত গীতৰ তালে তালে নাচিলে দৰাঘৰীয়াই।

এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত প্ৰীতম শৰ্মাৰ এই ব্যতিক্ৰমী বিবাহ অনুষ্ঠানক লৈ এতিয়া চৰ্চা চলিছে চৌদিশে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...