অসমৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিত শইকীয়াক গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সম্বৰ্ধনা

গুৱাহাটী, ২০ জুন, NKTV: অসম চৰকাৰৰ নৱ নিযুক্ত মহাধিবক্তা ৰাজ্যৰ বিশিষ্ট আইনবিদ তথা ক্রীড়া সংগঠক দেৱজিত শইকীয়া(লন)ক আজি তেওঁৰ বাসগৃহত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ প্ৰথমটো ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰশিক্ষক তথা সম্পাদক নবাব আলী, কোষাধ্যক্ষ মুকোবুদ্দিন আহমেদ, বিশ্বজিত চৌধুৰী, গৌতম শৰ্মা প্ৰমুখ্যে প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়ববীয়াসকলে আজি গুৱাহাটীস্থিত শইকীয়াৰ বাসগৃহত উপস্থিত হৈ তেওঁক এখন ফুলাম গামোচা, শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপাৰে তেওঁৰ নতুন কৰ্মজীৱনৰ প্ৰতি শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে। অনাগত সময়ছোৱাত অসম ক্ৰিকেট সন্থাৰো সম্পাদকৰ দায়িত্বত থকা শইকীয়াৰ নেতৃত্বত অসমৰ ক্ৰিকেটৰ সৰ্বাংগীন উন্নয়নৰ লগতে ৰাজ্যৰ মহাধিবক্তা হিচাবেও তেওঁৰ কৰ্মময় জীৱন সাফল্যমণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰে জি চি চি চিৰ প্রতিনিধিবৰ্গই। উল্লেখযোগ্য যে দেৱজিত শইকীয়া গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সৈতে জন্মলগ্নৰে পৰা জড়িত আৰু এই প্ৰশিক্ষণ কেন্দ্ৰত থকাৰ সময়তে তেওঁৰ অসমৰ হৈ ৰঞ্জী অভিষেক ঘটিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...