মুম্বাইত কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ


‘এডভান্টেজ আছাম ২.০ লৈ জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল, ৱেলস্পন ৱৰ্ল্ডৰ অধ্যক্ষ বি কে গোয়েঙ্কা আৰু এছাৰ গ্ৰুপৰ উপাধ্যক্ষ ৰবি ৰুইয়াক মুখ্যমন্ত্ৰীৰ আমন্ত্রণ

আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ অংশগ্রহণেৰে আগন্তুক ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি মুম্বাইত জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক সাক্ষাৎ কৰি অসমত এটা পষেকৰ পিছতে অনুষ্ঠিত হ’বলগীয়া এই সম্মিলনলৈ আমন্ত্রণ জনায়।

এই সাক্ষাৎকালত মুখ্যমন্ত্রীয়ে জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষগৰাকীৰ সৈতে আন্তঃগাঁথনি আৰু শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্রতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম্ভাৱনীয়তা সন্দৰ্ভত বাৰ্তালাপ কৰে। জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষগৰাকীক মুখ্যমন্ত্ৰীয়ে অসমত বিনিয়োগক উৎসাহিত কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা অৱগত কৰে। তেওঁ কয় যে ৰাজ্যখনত এক ষ্টার্ট আপ পৰিৱেশতন্ত্ৰ গঢ় দিয়াৰ দিশত ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম স্টার্ট আপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে চৰকাৰে উদ্যোগীসকলক উৎসাহিত কৰিবলৈ বিভিন্ন বিত্তীয় আৰু অবিত্তীয় সুবিধা প্রদানৰ পদক্ষেপ লৈছে। মুখ্যমন্ত্রীয়ে লগতে জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষগৰাকীক অৱগত কৰে যে ৰাজ্য চৰকাৰে আগন্তুক পাঁচ বছৰত পাঁচ হাজাৰ ষ্টাৰ্ট আপক সহায় কৰাৰ লগতে এক লাখ বিনিয়োগ সৃষ্টি কৰাৰ এক লক্ষ্য সন্মুখত ৰাখি আগবাঢ়িছে। সেউজ শক্তি আহৰণৰ দিশত অসমে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত এতিয়া ভাসমান সৌৰ শক্তি প্রকল্প, জৈৱ-চিএনজিৰ পৰা সেউজ হাইড্রজেনলৈকে বিভিন্ন দিশত বিনিয়োগৰ সুযোগ সৃষ্টি হৈছে। বিনিয়োগকাৰীসকলৰ বাবে এক সুচল নীতি ৰাজ্যখনে প্রস্তুত কৰা বুলিও তেওঁ কয়।

মুখ্যমন্ত্রী ড° শর্মাই আজি মুম্বাইত বি কে গোয়েঙ্কাকো সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্রীয়ে গোয়েঙ্কাৰ সৈতে বস্ত্র, শক্তি, জল পৰিশোধন আৰু আন্তঃগাঁথনি আদি খণ্ডসমূহক লৈ আলোচনা কৰে। ৱেলস্পন ৱৰ্ল্ডৰ অধ্যক্ষগৰাকীক এডভান্টেজ আছাম ২.০ সম্মিলনলৈ আমন্ত্রণ জনাই প্রতিষ্ঠানটোৰ অসমৰ বিভিন্ন খণ্ডত কাম কৰাৰ পৰিকল্পনাসমূহক কাৰ্যৰূপ দিয়াৰ দিশত এই সম্মিলনখন এখন উপযুক্ত মঞ্চ হ’ব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...