কথা আছিল এখন সুখৰ সংসাৰ কৰাৰ! কথা আছিল বিবাহপাশত আবদ্ধ হোৱাৰ! দেখিছিল এক হোৱাৰ অজস্ৰ সপোন… কিন্তু সেই সপোনবোৰ এতিয়া আৰু দিঠক নহয়। তীব্ৰবেগী বাছে থান-বান কৰি পেলালে সকলো।
দক্ষিণ কামৰূপৰ বৰকুছিত শোকাৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী। নিহত চাইকেল আৰোহী নয়ন শৰ্মা নামৰ যুৱকজন। উল্লেখ্য যে এমাহৰ পিছতেই বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যুৱকজন। কিন্তু এটা দুৰ্ঘটনাই যেন কাল হৈ আহিল নয়নৰ বাবে।