বিহপান কৰি নিজকে শেষ কৰাৰ চেষ্টা কিশোৰ-কিশোৰীৰ

এক শোকাৱহ ঘটনাই জোকাৰি গৈছে নলবাৰী। সৰস্বতী পূজাৰ দিনাই আত্মহত্যাৰ অপচেষ্টা। ভুক্তভোগী দুই কিশোৰ-কিশোৰী। সৰস্বতী পূজাৰ দিনা সোমবাৰেই মৃত্যুক সাৱটিলে কিশোৰীয়ে। GMCHৰ ICUত মৃত্যুৰে যুঁজিছে কিশোৰে। নলবাৰীৰ দীপ্তা সুৰাদীত ঘৰ দুয়োৰে। নিহত কিশোৰীগৰাকী আছিল ছানৰাইজ একাডেমীক উচ্চতৰ মাধ্যমিক ১ম বৰ্ষৰ ছাত্ৰী। মৃত্যুৰে যুঁজি থকা কিশোৰটি বৰমাৰ কেমব্ৰিজ একাডেমীৰ উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰ।


কোমল বয়সতে কিয় এই চৰম সিদ্ধান্ত? দুয়োখন ঘৰতে শোকাকুল পৰিৱেশ। সৰস্বতী পূজাৰ দিনাই দুই কিশোৰ-কিশোৰীয়ে একেলগে বিহপান কৰি কৰা আত্মহত্যাৰ চেষ্টাৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ বাবে ব্যস্ত হৈ পৰিল NKTVৰ নলবাৰীৰ সাংবাদিক। উভয়ৰে পৰিয়ালৰ কাষ চাপিল আমাৰ সাংবাদিক। অভিযোগ-প্ৰতিঅভিযোগ কিশোৰ-কিশোৰীৰ পৰিয়ালৰ।

প্ৰাপ্ত তথ্য অনুসৰি স্কুলীয়া দিনৰে পৰা প্ৰায় তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে। দুয়োখন ঘৰতো জানিছিল প্ৰেমৰ সম্পৰ্কৰ কথা। এবছৰ পূৰ্বে কিশোৰজনলৈ পলায়ো গৈছিল কিশোৰীগৰাকী। কিন্তু পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ওভতাই আনি পুনৰ যোগাযোগ বন্ধ কৰি দিছিল। দুয়োৰে প্ৰেমৰ সম্পৰ্ক শেষ কৰিবলৈ অধিক কঠোৰতাৰে উঠি পৰি লাগিছিল কিশোৰী পৰিয়াল। সোমবাৰে সৰস্বতী পূজাৰ দিনা এবছৰৰ মূৰত লগ পাইছিল দুয়ো। কলেজৰ পূজাত কিছু সময় কটাই ফুৰিবলৈ ওলাই গৈছিল দুই প্ৰেমিক-প্ৰেমিকা। কিন্তু হঠাৎ কিশোৰীগৰাকীৰ দেউতাকে দুয়োকে পুনৰ একেলগে দেখা পোৱাৰ পিছতে অঘটন ঘটে। কিশোৰৰ মাতৃৰ অভিযোগ মতে কিশোৰী গৰাকীৰ পিতৃয়ে দুয়োকে ৰাজহুৱা স্থানতে তীব্ৰ গালি গালাজ কৰি প্ৰহাৰ কৰে। তাৰ পিছত আৰু ঘৰলৈ উভতি নগ’ল দুই প্ৰেমিক-প্ৰেমিকা। সন্ধিয়ালৈ বৰমা কদমতলত অচেতন অৱস্থাত উদ্ধাৰ দুয়ো।

দুয়োকে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও হাস্পতালত কিশোৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। ইপিনে সংকটজনক অৱস্থাত কিশোৰজনক GMCHলৈ প্ৰেৰণ কৰা হয়। এতিয়াও GMCHৰ ICUত মৃত্যুৰে যুঁজি আছে কিশোৰটিয়ে। এই দুৰ্ভাগ্যজনক ঘটনাক লৈ শোকবিহ্বল হৈ পৰিছে নলবাৰীবাসী। কিশোৰীগৰাকীৰ পিতৃয়ে নিজৰ খংটো অকণমান নিয়ন্ত্ৰণ কৰিলেই সম্ভৱতঃ ৰোধ কৰিব পৰা গ’লহেতেন এই অনাকাংক্ষিত ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...