পুনৰ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ সন্ত্ৰাস। মগ্ৰৈ গাঁৱৰ সমীপৰ পানীখাটি অঞ্চলত নগাৰ গুলীবৰ্ষণ। সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে চেয়াৰমেন বস্তিৰ একাংশ নগা সোমাই আছিল অঞ্চলটোলৈ। তাৰপিছতে মগ্ৰৈ গাঁৱৰ যুৱকৰ দলৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল নগাৰ। তেনেতে অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলটোৱে গুলীবৰ্ষণ কৰে শূন্যলৈ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মৰিয়নী আৰু দেৱেৰাপাৰ আৰক্ষী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে পিষ্টলৰ এটা খালী কাৰ্টিজ।