মহাকুম্ভ মেলালৈ গৈ নিৰুদ্দেশ তিনিচুকীয়াৰ কেইবাগৰাকীও মহিলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালৈ আগমন ঘটিছে দেশ-বিদেশৰ ভক্তৰ লগতে সাধু-সন্তৰ। অসমৰ পৰাও মহাকুম্ভ মেলালৈ গৈছে ভক্ত। কিন্তু তাৰ মাজতে ঘটিছে অঘটন। বুধবাৰে মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যুক সাৱটি লৈছিল হাইলাকান্দিৰ এজন লোকে। এইবাৰ মহাকুম্ভ মেলাত নিৰুদ্দেশ হৈছে তিনিচুকীয়াৰ ২গৰাকী মহিলা।

মহাকুম্ভ মেলালৈ গৈ নিৰুদ্দেশ তিনিচুকীয়াৰ দুগৰাকী মহিলা। মঙলবাৰৰ পৰা সন্ধানহীন পৰ্বতীয়াৰ ৬৫ বছৰীয়া জুস্না দেৱ নামৰ মহিলাগৰাকী। মহিলাগৰাকীৰ নিৰুদ্দেশত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালৰ লোকৰ মাজত।

আনফালে তিনিচুকীয়াৰে আন এগৰাকী মহিলা। নিৰুদ্দিষ্ট মহিলাগৰাকী বৰহাপজানৰ লীলা দেৱী। পৰিয়ালৰ সৈতে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈছিল মহিলাগৰাকী। কিন্তু অমৃত স্নান কৰিবলৈ যাওঁতেই নিৰুদ্দেশ হয় মহিলাগৰাকী। কোনো লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰিলে 8472900833 নাইবা 9435562222নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...