মহিলাক ধ-ৰ্ষ-ণ কৰি হত্যাৰ চেষ্টা চলোৱা বদৰুল ইছলামক গ্ৰেপ্তাৰ

NKTVৰ বাতৰিৰ প্ৰভাৱ । মহিলাৰ সৰ্বনাশ কৰা দৰুল ইছলাম ওৰফে পুতুলক গ্ৰেপ্তাৰ। এগৰাকী মহিলাক ধ-ৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ। নিশা কাছাৰৰ কচুধৰমৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বদৰুল ইছলামক। ২২ জানুৱাৰী কাছাৰৰ ভাগা ৰাজঘাটত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ কাণ্ড।

স্থানীয় এগৰাকী মহিলাৰ স্বামী নথকাৰ সুযোগত প্ৰতিবেশী বদৰুল ইছলামে ঘৰত প্ৰৱেশ কৰিছিল। ২ কণমানিৰ সন্মুখতে মহিলাগৰাকীক ধ-ৰ্ষ-ণ কৰি এচিড ঢালি হত্যাৰ চেষ্টা চলাইছিল। গুৰুতৰভাৱে আহত মহিলাগৰাকী বৰ্তমান SMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন। ঘটনাৰ ৭ দিন উকলি যোৱাৰ পিছতো মুকলি আকাশৰ তলত ঘূৰি আছিল অভিযুক্ত।

পিছত NKTVত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হয় কাছাৰ আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত বদৰুল ইছলাম ওৰফে পুতুলক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...