মহিলাক ধ-ৰ্ষ-ণ কৰি হত্যাৰ চেষ্টা চলোৱা বদৰুল ইছলামক গ্ৰেপ্তাৰ

NKTVৰ বাতৰিৰ প্ৰভাৱ । মহিলাৰ সৰ্বনাশ কৰা দৰুল ইছলাম ওৰফে পুতুলক গ্ৰেপ্তাৰ। এগৰাকী মহিলাক ধ-ৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ। নিশা কাছাৰৰ কচুধৰমৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বদৰুল ইছলামক। ২২ জানুৱাৰী কাছাৰৰ ভাগা ৰাজঘাটত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ কাণ্ড।

স্থানীয় এগৰাকী মহিলাৰ স্বামী নথকাৰ সুযোগত প্ৰতিবেশী বদৰুল ইছলামে ঘৰত প্ৰৱেশ কৰিছিল। ২ কণমানিৰ সন্মুখতে মহিলাগৰাকীক ধ-ৰ্ষ-ণ কৰি এচিড ঢালি হত্যাৰ চেষ্টা চলাইছিল। গুৰুতৰভাৱে আহত মহিলাগৰাকী বৰ্তমান SMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন। ঘটনাৰ ৭ দিন উকলি যোৱাৰ পিছতো মুকলি আকাশৰ তলত ঘূৰি আছিল অভিযুক্ত।

পিছত NKTVত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হয় কাছাৰ আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত বদৰুল ইছলাম ওৰফে পুতুলক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...