স্বামী নথকাৰ সুযোগতে মহিলাক ধ*ৰ্ষণ, এ*চিড ঢালি হ*ত্যাৰ চেষ্টা

ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণৰ ঘটনা। স্বামী নথকাৰ সুযোগতে ঘৰত প্ৰৱেশ কৰি ২ সন্তানৰ মাতৃক ধৰ্ষণ, তাৰ পিছত এচিড ঢালি হত্যাৰ চেষ্টাৰ দুৰ্বৃত্তৰ। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যুৰে যুঁজিছে ধৰ্ষিতা মহিলাগৰাকীয়ে। বদৰুল ইছলাম উৰফে পুতুল নামৰ এজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। মহিলাগৰাকীক হাত–ভৰি বান্ধি নিৰ্যাতন চলোৱা হৈছিল নিৰ্যাতন। ঘটনা সংঘটিত কৰি স্বামীলৈও কৰিছিল ফোন। জনাইছিল যে মহিলাগৰাকীৰ অৱস্থা সংকটজনক। এচিড ঢলাৰ ফলত জ্বলি যায় মহিলাগৰাকীৰ শৰীৰৰ ৭০ শতাংশ। উল্লেখ্য যে ২২ জানুৱাৰীত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাৰ এসপ্তাহৰ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...