ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড° শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাত ৰূপায়িত হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰে। এই বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা আঁচনিসমূহ ৰূপায়ণকে ধৰি জোনাই সমজিলাখনৰ উন্নয়ন সম্বন্ধীয় বিভিন্ন দিশত লোৱা পদক্ষেপৰ বিষয়ে তেওঁ বিতং বুজ লয়।

এই বৈঠকত মুখ্যমন্ত্রীয়ে জোনাই সমজিলাৰ অন্তৰ্গত জোনাই ৰাজহ চক্ৰত ২০৭খন ৰাজহ গাঁও থকাৰ পৰিপ্ৰেক্ষিতত এটা নতুন ৰাজহ চক্ৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁ ৰাজহ বিভাগৰ উর্ধ্বতন বিষয়াক নির্দেশ দিয়ে, যাতে জনসাধাৰণৰ ভূমি সম্পর্কীয় কাম-কাজসমূহ অতি ক্ষিপ্ৰতাৰে সমাপণ কৰিব পৰা যায়। সমজিলাখনৰ গ্ৰামাঞ্চলৰ দ্রুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু এটা নতুন উন্নয়ন খণ্ড গঠনৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক তেওঁ যাবতীয় পৰামৰ্শ আগবঢ়ায়। আজিৰ এই বৈঠকতে মিছন বসুন্ধৰা ৩.০ৰ সম্পর্কতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে ধেমাজি জিলাত মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টা প্রদান কৰাৰ পিছত ৰৈ যোৱা অতিৰিক্ত ভূমি লেণ্ডবেংক হিচাপে চৰকাৰী উন্নয়নমূলক কাম-কাজত ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্রত জিলা আযুক্তই যাতে যথোচিত পদক্ষেপ গ্রহণ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক তেওঁ নির্দেশনা প্রদান কৰে।

ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণৰ পিছত নকৈ চিনাক্তকৰণ হোৱা ভূমিত বনানীকৰণ কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ বাবে বন বিভাগক তেওঁ পৰামৰ্শ আগবঢ়ায়। তদুপৰি সমজিলাখনৰ লোকনিৰ্মাণ বিভাগৰ অধীনত চলি থকা কাম-কাজসমূহৰ খতিয়ান লয় মুখ্যমন্ত্রীয়ে। তেওঁ জেলেম নদীৰ ওপৰত পকী দলং নিৰ্মাণ, নেপালী বস্তিৰ পৰা কলেজ তিনিআলিলৈ যোৱা পথত দলং নিৰ্মাণৰ কাম-কাজ ক্ষিপ্ৰতৰ কৰিবলৈ যাবতীয় নির্দেশনা প্রদান কৰে। ইয়াৰ উপৰিও তেওঁ বৈদ্যুতিকৰণ নোহোৱা দূৰণিবটীয়া দুর্গম অঞ্চলসমূহত বৈদ্যুতিকৰণৰ বাবে তৎকালীনভাবে পদক্ষেপ গ্রহণ কৰিবলৈও শক্তি বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে সমজিলাখনৰ শৈক্ষিক কাম-কাজসমূহৰো পর্যালোচনা কৰে। যিসমূহ উচ্চ প্রাথমিক বিদ্যালয় আছে সেইসমূহ উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতিকৰণ অথবা অন্য উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ফলত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস কৰিব পৰা যাব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে চিমেনচাপৰি স্বাস্থ্য কেন্দ্রক এখন পূর্ণাংগ চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰাৰ ওপৰতো গুৰুত্ব প্রদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...