পদ্মভূষণ সন্মানেৰে বিভূষিত যশস্বী সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পদ্মভূষণ সম্মানেৰে বিভূষিত যশস্বী সত্রীয়া নৃত্যশিল্পী যতীন গোস্বামীৰ গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত বাসভৱনত আজি উপস্থিত হৈ তেওঁ লাভ কৰা শেহতীয়া এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সত্ৰীয়া নৃত্য বিশাৰদগৰাকীৰ সৈতে সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰ সম্পৰ্কে বাৰ্তালাপ কৰে। সাক্ষাৎকালত যশস্বী শিল্পীগৰাকীয়ে সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ দিশত কেতবোৰ পৰামৰ্শ মুখ্যমন্ত্ৰীলৈ আগবঢ়ায়। সত্রীয়া নৃত্যই যাতে দেশ আৰু বিদেশত আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব পাৰে সেই দিশত যথাসম্ভৱ সকলো প্রচেষ্টা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁক আশ্বাস প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে লগতে যশস্বী শিল্পী গোস্বামীৰ সু-স্বাস্থ্য আৰু দীর্ঘ কর্মময় জীৱনৰ কামনা কৰে।

Popular

More like this
Related

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত ইউটিউবাৰ

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছ’চিয়েল...

ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৫১জন

বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ৫১গৰাকীৰ। দলঙৰ ৰেলিঙত খুন্দা...

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী।...

তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।...