একেলগে ৮ যোৰা দৰা-কইনাই মেলিলে যুগ্ম জীৱনৰ পাতনি

আয়তীৰ উৰুলি, বিয়ানামেৰে মুখৰ বৰনামঘৰৰ প্ৰাংগন। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত হোমৰ জুইক সাক্ষী কৰি ললে সংকল্প। একেলগে ৮ যোৰা দৰা-কইনাই মেলিলে যুগ্ম জীৱনৰ পাতনি। বৈদিক ৰীতি নীতিৰে আজীৱন দুয়ো দুয়োৰে হৈ থকাৰ ললে পণ।

বিবাহ সকলোৰে জীৱনৰ এক স্মৰণীয় দিন। কিন্তু উপযুক্ত ধনৰ অভাৱত বহুতেই বিশেষ কৰি তুলিব নোৱাৰে এই বিশেষ দিনটো। সেয়ে সামাজিক স্বীকৃতিৰ পৰা যেন বঞ্চিত হৈ ৰয় সেইসকল। সেয়ে ৰহাৰ কটহগুৰিত শুকুৰবাৰে নিশা অনুষ্ঠিত হ’ল এই সমূহীয়া বিবাহ। আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা ৮ যোৰা দম্পত্তিক গাঁৱৰ ৰাইজে পাতি দিলে বিবাহ। গাঁৱৰ বৰনামঘৰৰ প্ৰাংগনত বৈদিক ৰীতি নীতিৰে সম্পন্ন হল সমূহীয়া বিবাহ। সামাজিক ৰীতি নীতি, ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ ৰহাৰ কটহগুৰিত সম্পন্ন ৮ দম্পতীৰ বুঢ়া বিয়া

কটহগুৰি চাৰিখেলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই সামূহিক বিবাহ অনুষ্ঠান। বৰ্তমান সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰা অৱস্থাত কোনো অভ্যৰ্থনাৰ ব্যৱস্থা নকৰাকৈয়ে অনুষ্ঠিত সমূহীয়া বিবাহ। সামাজিক পৰম্পৰা ৰক্ষা কৰি কটহগুৰিৰ ৰাইজে কৰা এই কাৰ্যক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...