ছেঈফ আলী খানে সঁচাকৈ আক্ৰমণৰ বলি হৈছিল নে?

সঁচাকৈ আক্ৰমণৰ বলি হৈছিল নে ছেঈফ আলী খান? নে ছেঈফ আলী খানে আক্ৰমণৰ বলি হোৱা বুলি অভিনয় কৰিছে।

বিজেপি মন্ত্ৰী নিতেশ ৰাণেৰ মন্তব্যক লৈ নতুন বিতৰ্ক। পূৰ্বে শিৱসেনাৰ নেতা সঞ্জয় নিৰুপমেও একেই প্ৰশ্ন উত্থাপন কৰিছিল। কাৰণ ৬ স্থানত ছুৰীৰ আঘাত পোৱা ছেঈফ আলী খান ইমান সহজতেই সুস্থ হৈ উঠিল কেনেকৈ? ৬ ঘণ্টীয়া অস্ত্ৰোপচাৰৰ পাছত আই চি ইউত ভৰ্তি হোৱাৰ পাছত হঠাতেই কেনেকৈ সুস্থ হৈ উঠিল ছেঈফ আলী খান। সেই প্ৰশ্নই উত্থাপন কৰিছে মন্ত্ৰী নিতেশ ৰাণেই। তদুপৰি একাংশ বিৰোধী নেতাই কেৱল খান হ’লেহে মাত মাতে বুলি মন্তব্য কৰিছিল মন্ত্ৰীজনে। মন্ত্ৰী নিতেশ ৰাণেৰ মতে বিৰোধী নেতাসকলে হিন্দু অভিনেতাৰ কিবা হ’লে ওলাই নাহে। মন্ত্ৰীজনৰ এনে মন্তব্যৰ পাছত বিৰোধীয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰখনে ৰাজনীতি আৰু ধৰ্মক একাকাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিলে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ সভাপতিয়ে।

আনটো বাদেই আৰক্ষীৰ জালত পৰা আক্ৰমণকাৰী প্ৰকৃততে সেইজন আক্ৰমণকাৰী হয়নে নহয় তাক লৈও এতিয়া উঠিছে প্ৰশ্ন। এনেকৈয়ে এতিয়া আৰম্ভ হৈছে ৰাজনীতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...