অসমক অশান্ত কৰাৰ ষড়যন্ত্ৰ, বাংলাদেশত ৰচনা হৈছে পাকিস্তানৰ ISIৰ ব্লুপ্ৰিণ্ট!

অসমসহ উত্তৰ-পূবক অশান্ত কৰাৰ ষড়যন্ত্ৰ। বাংলাদেশত ৰচনা হৈছে পাকিস্তানৰ ISIৰ ব্লুপ্ৰিণ্ট। পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ কেইবাজনো নেতাৰ সৈতে পাক চোৰাংচোৱা সংস্থাটোৱে বাংলাদেশৰ চট্টগ্ৰামত আলোচনাত মিলিত হৈছে। দেশৰ চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদনত ফাদিল এই বিস্ফোৰক তথ্য। বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পিছৰ পৰাই ভাৰত বিৰোধী চক্ৰই গা কৰি উঠিছে। বৰ্তমান বাংলাদেশত শান্তিৰ ন’বেল জয়ী মহম্মদ ইউনুছৰ চৰকাৰ থাকিলেও মৌলবাদী শক্তি উঠি-ৰজা বহি-ৰজা হৈছে। শ্বেখ হাছিনাৰ শাসন কালত বাংলাদেশৰ পৰা ভাৰত বিৰোধী চক্ৰ উৎখাত কৰা হৈছিল যদিও শেহতীয়াকৈ উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনক ISIএ ব্যৱহাৰ কৰি অসম, পশ্চিমবংগসহ উত্তৰ-পূৰ্বাঞ্চলক অশান্ত কৰাৰ বাবে ব্লুপ্ৰিন্ট ৰ’চনা কৰিছে। ইউনুছ চৰকাৰৰ পাকিস্তান প্ৰীতিয়ে ISIক সুযোগ দিছে বাংলাদেশত ঘাটি পতাৰ। পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাংলাদেশ সীমান্তৰ গোপন তথ্য ISI-এ লাভ কৰাৰ শংকা প্ৰকাশ কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই। ভাৰতৰ চোৰাংচোৱা সংস্থাই শংকা প্ৰকাশ কৰিছে আলফা স্বাধীনসহ উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনক ব্যৱহাৰ কৰি পাকিস্তানৰ ISI-এ অসমসহ উত্তৰপূবক পুনৰ সন্ত্ৰাস আৰু হিংসাৰ মাজলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। দেশৰ চোৰাংচোৱা সংস্থাৰ সন্দেহ বৃহস্পতিবাৰে ISIৰ এজন প্ৰতিনিধিৰ সৈতে চট্টগ্ৰামত আলফা স্বাধীনৰ নেতাৰ বৈঠক হৈছে। ৰাষ্ট্ৰীয় সংবাদ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি বৰ্তমান চীনৰ ইউনান প্ৰদেশৰ বাসিন্দা পৰেশ বৰুৱাও আছিল বৈঠকত। পিছে পৰেশ বৰুৱাৰ উপস্থিতি সন্দৰ্ভত চোৰাংচোৱা সংস্থাই কোনো তথ্য প্ৰকাশ কৰা নাই। আলফা স্বাধীনৰ নেতা নয়ন মেধি বৰ্তমান চট্টগ্ৰামত থকাৰ সন্দেহ। একেদিনাই পাকিস্তানৰ সামৰিক প্ৰতিনিধিৰ এটা দল চট্টগ্ৰামহৈ কক্স বজাৰলৈ গৈছিল। এই প্ৰতিনিধি দলটোৰ সৈতে ৰোহিংগা সন্ত্ৰাসবাদী সংগঠন ‘আছাৰ’ৰ সৈতে কথাবাৰ্তা হোৱাৰো সন্দেহ কৰা হৈছে। ম্যানমাৰৰ বিদ্ৰোহী সংগঠন আৰাক্কান আৰ্মীৰ বিৰুদ্ধে যুঁজ দি আছে ৰোহিংগা সন্ত্ৰাসবাদী সংগঠন আছাৰে। ভাৰতৰ চোৰাংচোৱাই ইতিমধ্যে বাংলাদেশত যে পাকিস্তানৰ ISI-এ খোপনি পুতিবলৈ চেষ্টা কৰিছে সেই তথ্য লাভ কৰিছে। ভাৰতৰ মাটিত অশান্তি বিয়পোৱাই ISIৰ মূল উদ্দেশ্য। ইতিমধ্যে ভাৰত–বাংলাদেশ সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হৈছে। সেয়া নতুন দিল্লীৰ বাবে মূৰৰ কামোৰণি। ভাৰতে অৱশ্যে বাংলাদেশ সীমান্তত বৃদ্ধি কৰিছে পহৰা। বিএছএফৰ শক্তি বৃদ্ধি কৰা হৈছে। কিন্তু এই মুহূৰ্তত আটাইতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে পাকিস্তান আৰু বাংলাদেশৰ মাজত সামৰিক সহযোগিতাৰ বিষয়টো। ভাৰত-বাংলাদেশৰ গোপন তথ্য পাকিস্তানৰ হাতত ইউনুছ চৰকাৰে তুলি দিয়াৰো শংকা বৃদ্ধি পাইছে। ভাৰত–বাংলাদেশৰ সমুদ্ৰ সীমাও চিন্তাৰ কাৰণ হৈছে। ইফালে ইউনুছ চৰকাৰে কাৰাগাৰৰ পৰা শ শ সন্ত্ৰাসবাদীক মুক্তি দিছে। এই সন্ত্ৰাসবাদীয়েও ভাৰত বিৰোধী কাৰ্য-কলাপত লিপ্ত হোৱাৰ শংকা বাঢ়িছে। অসম–মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ ভাৰত–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াত বাংলাদেশী সীমান্তৰক্ষী বাহিনী বিজিবিয়ে বাধা দিছে। ইয়াক লৈও সন্দেহৰ সৃষ্টি হৈছে। মুঠতে বাংলাদেশৰ মাটিক ব্যৱহাৰ কৰি পাকিস্তানৰ চোৰাংচোৱা ISI-এ ভাৰত বিৰোধী এক তৎপৰতা আৰম্ভ কৰিছে। নতুন দিল্লীয়ে ইয়াক এতিয়া কিদৰে মোকাবিলা কৰে সেয়া হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...