জাপানৰ অ’ছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

জাপানৰ অ’ছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৮০ গৰাকী জাপানী উদ্যোগীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। ২০৩০ৰ ভিতৰত অসমৰ GDP ১৪৩ বিলিয়ন আমেৰিকান ডলাৰলৈ নিয়াৰ লক্ষ্য। ভৱিষ্যতে অসমক ভাৰতৰ পৰৱৰ্তী অৰ্থনৈতিক কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠাৰ পৰিকল্পনা। বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানসমূহৰ বাবে অসম হ’ব আন্তঃগাঁঠনি বিনিয়োগৰ বৃহৎ সুযোগ। ২০২৪ত ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিছে অসমে। অ’ছাকাত এডভাণ্টেজ আছাম-2.Oৰ ৰোড শ্ব’ত অংশ লৈ দাবী মুখ্যমন্ত্ৰীৰ। অ’ছাকাৰ উদ্যোগীসকলক এডভাণ্টেজ আছাম-2.O সন্মিলনলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। মাইক্ৰন মেম’ৰী ফেচিলিটীৰ উপাধ্যক্ষ জোছুয়া লীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। অসমক ছেমি কণ্ডাক্টৰ হাব হিচাপে গঢ়ি তোলত কোম্পানীটোৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। কানছাই পেইণ্টৰ CEO তথা ভাৰত ব্যৱসায়ৰ মুৰব্বী প্ৰবীন চৌধাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। আজি জাপানৰ কেইবাজনো চৰকাৰী প্ৰতিনিধিক সাক্ষাতৰ পিছতে গুৱাহাটীলৈ উভতিব মুখ্যমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...