সুৰাৰ ৰাগীত ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক

সুৰাই মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে এবাৰ ভাবক, এইবাৰ সুৰাৰ ৰাগীত ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক। মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। মৃত লোকজন মঠঘৰীয়া নিবাসী উদয় ৰায় চৌধুৰী। উদয় ৰায় চৌধুৰী আৰু ৰাজা বসুমতাৰীয়ে একেলগে কৰিছিল মদ্যপান। মদ্যপানৰ সময়তে কথাৰ কটাকটি লাগিছিল দুয়োৰে। সুৰাৰ ৰাগীত ৰাজা বসুমতাৰীয়ে বাটামেৰে আক্ৰমণ কৰে উদয় ৰায়ক। ফলত গুৰুতৰভাৱে আহত হয় উদয় ৰায় চৌধুৰী ।অৱশেষত চিকিত্সালয়ত মৃত ঘোষণা উদয় ৰায় চৌধুৰীক। অভিযুক্ত ৰাজা বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...