২১ জানুৱাৰীত নহয় অসম বন্ধ, স্থগিত ৰখাৰ ঘোষণা আক্ৰাছুৰ

আক্ৰাছুৱে ২১ জানুৱাৰীত ঘোষণা কৰা অসম বন্ধ স্থগিত। মন্ত্ৰী পীযূষ হাজৰিকাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২১ জানুৱাৰীত ঘোষণা কৰা বন্ধ স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে আক্ৰাছুৱে। ৪ ফেব্ৰুৱাৰীৰলৈকে সময় বান্ধি দিলে চৰকাৰক। এই বন্ধ উঠাই লোৱা হোৱা নাই এই বন্ধ স্থগিত ৰখা হৈছে, কাৰণ মুখ্যমন্ত্ৰী দেশৰ বাহিৰত আছে, সেয়েহে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা নোহোৱালৈকে এই বন্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিলে আক্ৰাছু কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে।

যদি ফেব্ৰুৱাৰীৰ ৪ তাৰিখলৈকে চৰকাৰে কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱাৰে তেনেহ’লে ৭২ ঘণ্টাপৰ্যন্ত অসম বন্ধ দিবলৈ বাধ্য হ’ব আক্ৰাছু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...