আমেৰিকাত টিকটক নিষিদ্ধ কৰাৰ আচল কাৰণ কি?

২০২৫ চনৰ ১৯ ​​জানুৱাৰীত টিকটকত লগ ইন কৰা লাখ লাখ আমেৰিকান ব্যৱহাৰকাৰীয়ে এপটো সাময়িকভাৱে অনুপলব্ধ বুলি ঘোষণা কৰা পপ-আপ মেছেজ পোৱাত স্তম্ভিত হৈ পৰিছিল। মুহূৰ্তৰ ভিতৰতে আমেৰিকাত ব্যৱহাৰকাৰীৰ মাজত হুৱাদুৱা লাগিল। বহুতে এই পদক্ষেপ আচম্বিত অনুভৱ কৰিলেও নিষেধাজ্ঞাৰ কথা পূৰ্বৰে পৰা উত্থাপন হৈ আহিছিল— ড’নাল্ড ট্ৰাম্পে প্ৰথমবাৰৰ বাবে ২০২০ চনত ভাৰতৰ উদাহৰণ দি এই বিষয়টো উত্থাপন কৰিছিল।
“টিকটকৰ পৰা গুৰুত্বপূৰ্ণ আপডেট, আমি দুখ প্ৰকাশ কৰিছোঁ যে, ১৯ জানুৱাৰীৰ পৰা টিকটক নিষিদ্ধ কৰা আমেৰিকাৰ আইন কাৰ্যকৰী হ’ব আৰু আমাক আমাৰ সেৱাসমূহ সাময়িকভাৱে অনুপলব্ধ কৰিবলৈ বাধ্য হ’ব। আমি আমেৰিকাত আমাৰ সেৱা অতি সোনকালে পুনৰুদ্ধাৰ কৰাৰ কাম কৰি আছো।” এইদৰে লাভ কৰিছিল বাৰ্তা।
একাংশ ব্যৱহাৰকাৰীয়ে বাৰ্তা পাইছিল এইদৰে, “ক্ষমা কৰিব, বৰ্তমান টিকটক উপলব্ধ নহয়। আমেৰিকাত টিকটক নিষিদ্ধ কৰা আইন প্ৰণয়ন কৰা হৈছে, দুৰ্ভাগ্যজনকভাৱে ইয়াৰ অৰ্থ হ’ল এতিয়াৰে বাবে টিকটক ব্যৱহাৰ কৰিব নোৱাৰিব।”
প্ৰায় ১৭ কোটি আমেৰিকান ব্যৱহাৰকাৰী থকা টিকটক নিষিদ্ধকৰণৰ মূলতে হৈছে চীন চৰকাৰৰ কোম্পানীটোৰ ওপৰত থকা নিয়ন্ত্ৰণৰ মাত্ৰাক লৈ আমেৰিকাৰ বিষয়াসকলৰ ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত উদ্বেগ। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ প্ৰকাশ কৰি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দানৰ পিছতে দেওবাৰে আমেৰিকাত আনুষ্ঠানিকভাৱে সেৱা বন্ধ কৰি দিয়া হয়। পাঁচ বছৰ পূৰ্বে চীনৰ মালিকানাধীন এই প্লেটফৰ্মৰ বিৰুদ্ধে ভাৰতৰ সাহসী স্থিতিক অনুৰণিত কৰি এই নীতি কাৰ্যকৰী হয়।
উল্লেখ্য যে, ২০২০ চনৰ ২৯ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ডাটা নিৰাপত্তাৰ উদ্বেগ প্ৰকাশ কৰি টিকটক আৰু আন ৫৮টা চীনৰ মালিকানাধীন এপ ব্যৱহাৰত হঠাৎ নিষেধাজ্ঞা আৰোপ কৰিছিল। ভাৰত চৰকাৰে চীনৰ মালিকানাধীন টিকটকে ডাটাৰ অপব্যৱহাৰ আৰু চোৰাংচোৱাগিৰিৰ আহিলা হিচাপে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ মাত্ৰ দুসপ্তাহৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছিল।
টিকটকৰ বাবে এয়া এক বৃহৎ বিপৰ্যয় কাৰণ ভাৰত সেই সময়ত টিকটকৰ সৰ্ববৃহৎ বজাৰ আছিল আৰু সক্ৰিয় ব্যৱহাৰকাৰী আছিল ২০ কোটিতকৈ অধিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...