বিগ বছ18ৰ বিজয়ী কৰণবীৰ মেহৰা, কিমান টকা লাভ কৰিলে কৰণবীৰে?

অভিনেতা কৰণবীৰ মেহৰাই ৰিয়েলিটী শ্ব’ বিগ বছৰ ১৮ সংখ্যক ছিজনৰ খিতাপ দখল কৰে। ৪৬ বছৰীয়া অভিনেতাজনৰ নাম ঘোষক ছলমান খানে হাত দাঙি বিজয়ী ৰূপে নিজৰ নাম ঘোষণা কৰে। অভিনেতা ভিভিয়ান ডিসেনাই প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ বিপৰীতে ইউটিউবাৰ ৰজত দালালে দ্বিতীয় ৰানাৰ্ছ আপ হয়। আনহাতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল যদিও চূড়ান্ত বিজয়ী হোৱাত ব্যৰ্থ হয় অৰুণাচলৰ পাছিঘাটৰ ছুম দাৰাঙে। উল্লেখ্য যে,
২০২৪ৰ অক্টোবৰ মাহত ১৩ গৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হিচাপে এই অনুষ্ঠানত প্ৰৱেশ কৰিছিল অভিনেতাগৰাকীয়ে। বিগ বছ ১৮ৰ ঘৰৰ ভিতৰত তিনিমাহতকৈও অধিক সময় কটায় আৰু নিজৰ কাম-কাজেৰে দৰ্শকক আপ্লুত কৰে।
এই ছিজনত কৰণ অন্যতম জনপ্ৰিয় প্ৰতিযোগী ৰূপে প্ৰথমৰে পৰা বিবেচিত হৈছিল। ইয়াৰ পৰ্বে ৰোহিত শ্বেট্টীয়ে আয়োজন কৰা দুঃসাহসিক ৰিয়েলিটি শ্ব’ খটৰো কে খিলাড়ী ১৪তো বিজয়ীৰ খিতাপ জিনিছিল। আনহাতে, এই ৰিয়েলিটী শ্ব’ত দেখা গৈছিল শিল্পা শিৰোডকাৰ, অবিনাশ মিশ্ৰ, ছুম দাৰাং, আইছা সিং, আৰফিন খান, শ্ৰুটিকা অৰ্জুন ৰাজ, তাজিন্দৰ বাগ্গা, ছাৰা আৰফিন খান আৰু চাহাট পাণ্ডেকো। বিগ বছ১৮ আৰু খটৰো কে খিলাড়ী ১৪ত অংশগ্ৰহণ কৰাৰ পূৰ্বে কৰণ বীৰ মেহৰাই টিভি ধাৰাবাহিক পবিত্ৰ ৰিস্তা, য়ে ৰিস্তা ক্যা কেহলাতা হ্যে, পৰি হু ম্যে, বড়ে অচ্ছে লগতে হ্যে, চচুৰাল ছিমৰ কা, পুলিচ এণ্ড ক্ৰাইম আৰু বিৰোধ আৰু ডলি আৰ্মানো কি আদিত দেখা গৈছিল। অভিনেতা কৰণ বীৰ মেহৰাই বিগ বছ ১৮ বিজয়ী হোৱাৰ লগে লগে ৫০ লাখ টকা আৰু এটা ট্ৰফী লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...