নীৰজ চোপ্ৰাৰ পত্নী হিমানী ম’ৰ কোন?

তাৰকা এথলীট নীৰজ চোপ্ৰাৰ শুভ পৰিণয়। আত্মীয়ৰ উপস্থিতিত নিৰ্দিষ্ট অতিথিৰ অংশগ্ৰহণেৰে নতুন জীৱনৰ পাতনি মেলিলে নীৰজ চোপ্ৰাই। দুখনকৈ অলিম্পিকত পদকজয়ী নীৰজ চোপ্ৰাই টেনিছ খেলুৱৈ হিমানী ম’ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২৭ বছৰীয়া তাৰকা খেলুৱৈজনে দ্বিতীয় ইনিংছৰ ফটো আপলোড কৰাৰ লগে লগে ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে ফটোসমূহ। নিজৰ বিয়াৰ ফটোসমূহ পোষ্ট কৰি নীৰজ চোপ্ৰাই লিখিছে, “আমাক একেলগে এই মুহূৰ্তলৈ লৈ যোৱা আশীৰ্বাদৰ বাবে কৃতজ্ঞ। বাউণ্ড বাই লাভ, হেপ্পীলি ইভাৰ আফটাৰ”।


হাৰিয়ানাৰ লাৰ চাউলিত ঘৰ হিমানীৰ। হাৰিয়ানাৰ চোনিপটৰ লিটিল এঞ্জেলছ স্কুলত অধ্যয়ন কৰিছিল হিমানীয়ে, য’ত টেনিছ তাৰকা সুমিত নাগালেও অধ্যয়ন কৰিছিল। ২৫ বছৰীয়া টেনিছ খেলুৱৈগৰাকীয়ে দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। হিমানীৰ ভাতৃ হিমাংশু এজন টেনিছ খেলুৱৈ। নিউ হেম্পচায়াৰৰ ফ্ৰেংকলিন পিয়েৰ্ছ বিশ্ববিদ্যালয়ত ম’ৰে বৰ্তমান ক্ৰীড়া ব্যৱস্থাপনাৰ সৈতেও জড়িত হিমানী।
২০১৭ চনত টাইপেইত অনুষ্ঠিত হোৱা বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। হিমানীৰ স্কুলৰ ৱেবছাইট অনুসৰি ২০১৬ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপৰ পৰা স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। অল ইণ্ডিয়া টেনিছ এছ’চিয়েচনৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি, ২০১৮ চনত হিমানীৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় ৰেংকিং আছিল ডাবলছত ২৭ আৰু ছিংগলছত ৪২।


ইফালে নীৰজ চোপ্ৰাৰ নামত আছে একাধিক অভিলেখ। স্বাধীনতাৰ পিছত ভাৰতৰ দ্বিতীয়জন পুৰুষ খেলুৱৈ, যিয়ে এটা ব্যক্তিগত প্ৰতিযোগিতাত দুটা অলিম্পিক পদক জিকিবলৈ সক্ষম হৈছে। নীৰজে অলিম্পিকত দুটা পদক, ২০২৪ চনত পেৰিছত আৰু টকিঅ’ অলিম্পিকত পদক জয়ী একমাত্ৰ ভাৰতীয় খেলুৱৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...