নীৰজ চোপ্ৰাৰ পত্নী হিমানী ম’ৰ কোন?

তাৰকা এথলীট নীৰজ চোপ্ৰাৰ শুভ পৰিণয়। আত্মীয়ৰ উপস্থিতিত নিৰ্দিষ্ট অতিথিৰ অংশগ্ৰহণেৰে নতুন জীৱনৰ পাতনি মেলিলে নীৰজ চোপ্ৰাই। দুখনকৈ অলিম্পিকত পদকজয়ী নীৰজ চোপ্ৰাই টেনিছ খেলুৱৈ হিমানী ম’ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২৭ বছৰীয়া তাৰকা খেলুৱৈজনে দ্বিতীয় ইনিংছৰ ফটো আপলোড কৰাৰ লগে লগে ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে ফটোসমূহ। নিজৰ বিয়াৰ ফটোসমূহ পোষ্ট কৰি নীৰজ চোপ্ৰাই লিখিছে, “আমাক একেলগে এই মুহূৰ্তলৈ লৈ যোৱা আশীৰ্বাদৰ বাবে কৃতজ্ঞ। বাউণ্ড বাই লাভ, হেপ্পীলি ইভাৰ আফটাৰ”।


হাৰিয়ানাৰ লাৰ চাউলিত ঘৰ হিমানীৰ। হাৰিয়ানাৰ চোনিপটৰ লিটিল এঞ্জেলছ স্কুলত অধ্যয়ন কৰিছিল হিমানীয়ে, য’ত টেনিছ তাৰকা সুমিত নাগালেও অধ্যয়ন কৰিছিল। ২৫ বছৰীয়া টেনিছ খেলুৱৈগৰাকীয়ে দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। হিমানীৰ ভাতৃ হিমাংশু এজন টেনিছ খেলুৱৈ। নিউ হেম্পচায়াৰৰ ফ্ৰেংকলিন পিয়েৰ্ছ বিশ্ববিদ্যালয়ত ম’ৰে বৰ্তমান ক্ৰীড়া ব্যৱস্থাপনাৰ সৈতেও জড়িত হিমানী।
২০১৭ চনত টাইপেইত অনুষ্ঠিত হোৱা বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয়ৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। হিমানীৰ স্কুলৰ ৱেবছাইট অনুসৰি ২০১৬ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপৰ পৰা স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল। অল ইণ্ডিয়া টেনিছ এছ’চিয়েচনৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি, ২০১৮ চনত হিমানীৰ কেৰিয়াৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় ৰেংকিং আছিল ডাবলছত ২৭ আৰু ছিংগলছত ৪২।


ইফালে নীৰজ চোপ্ৰাৰ নামত আছে একাধিক অভিলেখ। স্বাধীনতাৰ পিছত ভাৰতৰ দ্বিতীয়জন পুৰুষ খেলুৱৈ, যিয়ে এটা ব্যক্তিগত প্ৰতিযোগিতাত দুটা অলিম্পিক পদক জিকিবলৈ সক্ষম হৈছে। নীৰজে অলিম্পিকত দুটা পদক, ২০২৪ চনত পেৰিছত আৰু টকিঅ’ অলিম্পিকত পদক জয়ী একমাত্ৰ ভাৰতীয় খেলুৱৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...