বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ তালিকা প্রকাশ; শীর্ষ ৫টা স্থানৰ ভিতৰত নিজৰ স্থান সুৰক্ষিত কৰিলে ভাৰতে

২০২৫ বৰ্ষৰ সামৰিক শক্তিৰ ৰেংকিং প্রকাশ পাইছে। ‘গ্ল’বেল ফায়াৰপাৱাৰ’ নামৰ সংস্থাটোৱে এই তালিকা প্রকাশ কৰিছে। তালিকাৰ শীৰ্ষ তিনিখন ৰাষ্ট্ৰৰ ভিতৰত আছে আমেৰিকা, ৰাছিয়া আৰু চীন। তালিকাখনৰ শীর্ষস্থানত আছে আমেৰিকা। সামৰিক শক্তিৰ ক্ষেত্রত দ্বিতীয় স্থানত আছে ৰাছিয়া। তৃতীয় সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰখন হৈছে চীন। ভাৰতেও তালিকাখনত শীর্ষ পাঁচটা স্থানৰ ভিতৰত নিজৰ স্থান সুৰক্ষিত কৰিছে। তালিকাখনৰ মতে ভাৰতৰ স্থান হৈছে চতুর্থ। পঞ্চম স্থানত আছে দক্ষিণ কোৰিয়া। ২০২৪ বৰ্ষতো উক্ত পাঁচোখন ৰাষ্ট্ৰই শীর্ষস্থানত আছিল। সেইফালৰ পৰা এইবাৰ শীর্ষ পাঁচটা স্থানৰ কোনো সালসলনি হোৱা নাই। ১০ খন সবাতোকৈ শক্তিশালী দেশৰ ভিতৰত ব্রিটেইন ষষ্ঠ, ফ্রান্স সপ্তম, জাপান অষ্টম, তুর্কী নৱম আৰু ইটালী দশম স্থানত আছে। পাকিস্তান চলিত বৰ্ষত শীর্ষ ১০ খন ৰাষ্ট্ৰৰ তালিকাৰ পৰা বাহিৰ হ’ল। তালিকাখনৰ মতে পাকিস্তানৰ স্থান হৈছে দ্বাদশ। বিগত বৰ্ষত সামৰিক শক্তিৰ দিশৰ পৰা পাকিস্তান নরম স্থানত আছিল। সেই হিচাপে এইবাৰ পাকিস্তানৰ স্থান অৱনমিত হ’ল। পাকিস্তানৰ উপৰি অস্ট্রেলিয়া আৰু ইউক্রেইনৰ ৰেংকিঙো এইবাৰ অৱনমিত হৈছে। আনফালে ভেনিজুৱেলা, কাজাখস্তান আৰু জর্ডানৰ স্থান তালিকাখনত উন্নত হৈছে। ভূটান তালিকাখনৰ সর্বনিম্ন স্থানত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...