৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ’ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন আৰু ৰাজনৈতিক সংস্কাৰৰ হকে কাম কৰা এছ’চিয়েচন ফৰ ডেম ‘ক্রেটিক বিফর্ম নামৰ সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লীৰ বিধায়কসকলৰ ৫৫ শতাংশৰ বিপক্ষে বিভিন্ন থানাত গুৰুতৰ অপৰাধ সংক্রান্তীয় গোটৰ ৰুজু হৈ আছে। তাৰ ভিতৰত ৩২ জন হৈছে আপ আৰু চাৰিজন হৈছে বিজেপি বিধায়ক। উক্ত ৬৫ জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা। ইয়াৰে ৭৭৭ কোটি টকাৰ সম্পত্তি আপৰ ৫৮ জন বিধায়কৰ নামত আছে। বিজেপিৰ সাতজন বিধায়কৰ মুঠ সম্পত্তি হৈছে ৫২.১৮ কোটি টকা। সংস্থাৰ প্ৰতিবেদনৰ মতে দিল্লীত সম্প্রতি বিধায়কৰ সংখ্যা হৈছে ৬৫ জন। তেওঁলোকৰ ভিতৰত আপৰ ৫৮ আৰু বিজেপিৰ সাতজন বিধায়ক আছে। উক্ত বিধায়কসকলৰ ভিতৰত ৩৮ জন (৬৬ শতাংশ)ৰ বিপক্ষে অপৰাধ সংক্ৰান্তীয় গোচৰ ৰুজু হৈ আছে। ৩২ জন বিধায়কৰ বিপক্ষে গুৰুতৰ অপৰাধ সংক্রান্তীয় গোচৰ পঞ্জীয়ন হৈ আছে। সকলো বিধায়কক লগ লগাই যি ৮২৯ কোটি টকাৰ সম্পত্তি আছে তাৰ ৩৫.২ শতাংশ (২৯২ কোটি টকা) সম্পত্তি অকলে মুণ্ডকাৰ বিধায়ক ধর্মপাল লাকড়াৰ। চহকী বিধায়কৰ ভিতৰত প্ৰমিলা টোছ আৰু ধনৱন্তী চন্দেলাৰ নামো আছে। সবাতোকৈ কম সম্পত্তি আছে বিধানসভাৰ উপাধ্যক্ষ ৰাখী বিড়লানৰ। দ্বিতীয় স্থানত আছে দুর্গেশ পাঠক। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬ লাখ টকা। ঋণৰ ক্ষেত্রত সবাতোকৈ অধিক ৫২ লাখ টকাৰ ঋণ হৰিনগৰ সমষ্টিৰ বিধায়ক ৰাজকুমাৰ ঢিল্লোৰ নামত আছে। ৬৫ জন বিধায়কৰ ভিতৰত ৩৫ শতাংশ বিধায়ক অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ অধ্যয়ন কৰা। ৫৮ শতাংশ বিধায়ক স্নাতক আৰু চাৰিজন বিধায়ক হৈছে ডিপ্ল’মা হ’ল্ডাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...