উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন। বৰ্তমানেও সন্ধান নাই কয়লাখনিত আবদ্ধ শ্ৰমিকৰ। অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন। গ্ৰেপ্তাৰ ৩ কিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ হোৱা পুনিছ নুনিছাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হাননক। অবৈধভাৱে পুনিছ, হাননহঁতে চলাই গৈছিল কয়লাখনি। বহু শ্ৰমিকৰ জীৱন তুচ্ছ কৰি নমাই দিছিল অটল গহ্বৰত। দিনে-নিশাই অন্ধকাৰ কয়লা খাদত কাম কৰিছিল শ্ৰমিকে। আবদ্ধ শ্ৰমিকৰ উদ্ধাৰৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই উদ্ধাৰকাৰী দল। নিতৌ নতুন সম্পৰীক্ষা চলিছে উদ্ধাৰ কাৰ্যত। শেহতীয়াকৈ নাগপুৰৰ পৰা অনা হৈছে বিশাল পানী সিঁচা যন্ত্ৰ। নাদত জমা হৈ থকা পানীয়ে বাৰে বাৰে ব্যাঘাত জন্মাইছে উদ্ধাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...