উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন। বৰ্তমানেও সন্ধান নাই কয়লাখনিত আবদ্ধ শ্ৰমিকৰ। অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন। গ্ৰেপ্তাৰ ৩ কিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ হোৱা পুনিছ নুনিছাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হাননক। অবৈধভাৱে পুনিছ, হাননহঁতে চলাই গৈছিল কয়লাখনি। বহু শ্ৰমিকৰ জীৱন তুচ্ছ কৰি নমাই দিছিল অটল গহ্বৰত। দিনে-নিশাই অন্ধকাৰ কয়লা খাদত কাম কৰিছিল শ্ৰমিকে। আবদ্ধ শ্ৰমিকৰ উদ্ধাৰৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই উদ্ধাৰকাৰী দল। নিতৌ নতুন সম্পৰীক্ষা চলিছে উদ্ধাৰ কাৰ্যত। শেহতীয়াকৈ নাগপুৰৰ পৰা অনা হৈছে বিশাল পানী সিঁচা যন্ত্ৰ। নাদত জমা হৈ থকা পানীয়ে বাৰে বাৰে ব্যাঘাত জন্মাইছে উদ্ধাৰত।

Popular

More like this
Related

২০২৫ত ভাৰতত অধিক বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) পূৰ্বাভাস অনুসৰি, ২০২৫ বৰ্ষত...

ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিজন অসমীয়া

চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, আপোন বহাগৰ ৰং আনন্দত এতিয়া...

এছিয়াৰ আটাইতকৈ চাফ-চিকুণ গাঁৱত শচীন তেণ্ডুলকাৰ

এছিয়াৰ আটাইতকৈ চাফ-চিকুণ গাঁৱত শচীন। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ...

এবছৰত ৪৬৪ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে এইজন ইউটিউবাৰে…

জিমী ষ্টিফেন ড’নাল্ডছন, যাক সকলোৱে মিষ্টাৰ বিষ্ট (MrBeast) নামেৰে...