গাহৰি মাংস সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গাহৰি খাই ভালপোৱাসকলৰ বাবে সুখবৰ। বৃদ্ধি নহ’ব পাৰে গাহৰি মাংসৰ দাম। পাঞ্জাবাৰীস্থিত পশুধন নিগমৰ নিৰ্দ্ধাৰিত স্থানত গাহৰি কটাৰ নিৰ্দেশ প্ৰত্যাহাৰ। সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে GMCক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পূৰ্বে সেই ঠাইত গাহৰি কাটিলে বিক্ৰেতাই দিব লাগিছিল ২০০ টকা। GMC-এ সেই মূল্য বঢ়াই এটা গাহৰিৰ বাবদ বিচাৰিছিল ১,২০০ টকা। ফলত গাহৰি মাংসৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছিল। অৱশেষত বিষয় সন্দৰ্ভত সামাজিক মাধ্যমত লিখিলে মুখ্যমন্ত্ৰীয়ে, ‘গাহৰিৰ মাংস হৈছে এক জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য। GMCৰ এই সিদ্ধান্তই মাংসৰ দামত প্ৰভাৱ পেলাব পাৰে।’ তেনে কৰাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গতিকে GMCৰ পূৰ্বৰ সিদ্ধান্ত বাতিল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...