জম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডত তাপমান নামিছে শূন্য ডিগ্ৰীৰ তললৈ

উৎকট শীত প্ৰবাহে গ্রাস কৰিছে সমগ্র উত্তৰ ভাৰত
জম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডত তাপমান নামিছে শূন্য ডিগ্ৰীৰ তললৈ
শুভ্র বৰফৰ আচ্ছাদনে আৱৰি পেলাইছে এই ৰাজ্যকেইখন
তুষাৰপাতৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে ৰাজ্যকেইখনত

বিগত এসপ্তাহ ধৰি সমগ্ৰ উত্তৰ ভাৰতত তাপমান নিম্নগামী হোৱাত এক উৎকট শীতপ্রবাহে গ্রাস কৰিছে কেইবাখন ৰাজ্যক। জম্মু-কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ডৰ লগতে পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যতো শীতপ্ৰবাহৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। বৰফে আৱৰি পেলাইছে উত্তৰ ভাৰতৰ বিস্তীৰ্ণ এলেকা।

হিমাচলৰ লাহোৱাল-স্পিতি জিলাত তাপমান নামিছে মাইনাছ ১০.৬ ডিগ্ৰী চেলছিয়াছলৈ
মানালি-ছিমলা আদিতো হিমাংকৰ তললৈ নামিছে তাপমান
শ্রীনগৰত তাপমান নামিছে মাইনাছ ৭.৩ ডিগ্ৰী চেলছিয়াছলৈ
হিমাচলত ৩টা ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত হৈ পৰিছে যাতায়াত
বৰফৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যখনৰ ২২৬টা পথ
১০ সহস্রাধিক পৰ্যটক আবদ্ধ হৈ পৰিছে ৰাজ্যখনৰ ভিন্ন স্থানত

প্ৰচণ্ড শীতে কঁপনি তুলিছে সমগ্র উত্তৰ ভাৰতত। নামনি ভাগত শীতৰ প্ৰকোপ অনুভূত হোৱাৰ বিপৰীতে পাৰ্বত্য এলেকাত বৰফৰ শুভ্র আচ্ছাদনে আৱৰি পেলাইছে। লাহোৱালৰ পথত ছিছু আৰু ককছাৰৰ মাজত আবদ্ধ হৈ পৰিছে প্ৰায় ৮,৫০০ পৰ্যটক। কুলফ্রীৰ সমীপতো আবদ্ধ হৈ পৰিছে অন্য ডেৰ হাজাৰ পৰ্যটক। ফলত ছিমলাৰ পৰা কুলফ্রী আৰু মানালিৰ পৰা লাহোৱালৰ পথত পৰ্যটকৰ বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে হিমাচলপ্ৰদেশ চৰকাৰে।

কাশ্মীৰ যোগাযোগ কৰা অটল টানেলৰ দুয়োকাষে আবদ্ধ ২,০০০ বাহন
বহু যাত্ৰীয়ে গাড়ীতেই নিশা পাৰ কৰিবলৈ বাধ্য হয় ট্রেফিক জামত

যোৱা ২১ ডিচেম্বৰত আৰম্ভ হোৱা শীতপ্ৰবাহ ৪০ দিনলৈ কাশ্মীৰত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিছে। পৰ্যটনথলী গুলমাৰ্গত মাইনাছ ৬.৬ ডিগ্ৰী চেলছিয়াছলৈ তাপমান হ্ৰাস পাইছে। অৱশ্যে শ্রীনগৰত বিগত কেইদিন বৰফ পৰিলেও বৰদিনৰ দিনা তুষাৰপাত নহ’ল কাশ্মীৰৰ ৰাজধানী চহৰখনত। ছিমলাতো বৰদিনৰ দিনা তুষাৰপাত নোহোৱাত হতাশ হৈ পৰে পৰ্যটকসকল। কুঁৱলীয়ে আৱৰি পেলাইছে ৰাজস্থানৰ বিস্তীৰ্ণ এলেকা। পঞ্জাবৰ ফৰিডকোটত ৰাজ্যখনৰ ভিতৰত সৰ্বনিম্ন ৪.২ ডিগ্ৰী চেলছিয়াছলৈ তাপমান হ্রাস হয়। প্ৰচণ্ড শীতৰ প্রকোপ অনুভূত হৈছে হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্রদেশৰ বিভিন্ন প্ৰান্ততো।

বতৰ বিজ্ঞান বিভাগৰ মতে অহা ২৭ ডিচেম্বৰলৈ অপৰিৱৰ্তিত হৈ ৰ’ব শীতপ্রবাহ
হিমাচলৰ বিভিন্ন প্ৰান্তত তুষাৰপাত আৰু বৰষুণৰ আশংকা ব্যক্ত বতৰ বিজ্ঞান বিভাগৰ
শনিবাৰৰ পাছতে শীতৰ প্ৰকোপ কিছু পৰিমাণে হ্রাস পাব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...