তামাৰহাটৰ গঙ্গাধৰ নৈত এতিয়া অবৈধ বালি খনন

ডাম্পাৰ আৰু নচলিব
বাঁহ বান্ধি দিলে ৰাইজে
উত্তাল তামাৰহাট

তামাৰহাটৰ গঙ্গাধৰ নৈত এতিয়া অবৈধ বালি খনন। দিনে-নিশাই শ শ ডাম্পাৰ-এক্সকেভেটৰেৰে খনন চলিছে নৈৰ বুকুত। নৈৰ পাৰৰ ৰাইজৰ এতিয়া চকুত টোপনি নাই। কাৰণ প্ৰতিবছৰে খহনীয়াৰ কৱলত পৰে গাঁওবাসী।
অবৈধ খননৰ বাবে ভয়াৱহ হ’ব খহনীয়া

সেই আশংকাতে ৰাইজে বন্ধ কৰি দিলে ডাম্পাৰ চলাচল কৰা পথ। নদীৰ বালি খান্দি পথ বিদেশী সংস্থাই শ্ৰীৰামপুৰৰ পৰা ধুবুৰীৰ ফুলবাৰীলৈ নিৰ্মাণ কৰি আছে পথ। ইয়াৰে কুমাৰগঞ্জৰ পৰা তামাৰহাটলৈ চাৰিলেন যুক্ত পথৰ কামৰ ঠিকা লাভ কৰিছে বহিঃৰাজ্যৰ জান্দু কনষ্ট্ৰাকচন নামৰ সংস্থাই।


পথ নিৰ্মাণ কৰিবলৈ গোলকগঞ্জ ৰাজহ চক্ৰৰ মধ্যপেটলা আৰু ভাটিপেটলা গাঁৱৰ পৰা বালি কাটিছে কোম্পানীয়ে। সেয়ে জান্দু কোম্পানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দ্বাদশ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয়ৰ সভাগৃহত...