গুৱাহাটীবাসীয়ে শীঘ্ৰে লাভ কৰিব আৰু এখন অত্যাধুনিক উদ্যান

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনক নতুন মাত্ৰা দিব উদ্যানখনে। বৃহস্পতিবাৰে নিৰ্মিয়মান উদ্যানখন পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। নতুন বছৰতে গুৱাহাটীবাসীক চৰকাৰে উপহাৰ দিব বৃহৎ উদ্যানখন।

ন-ৰূপত জিলিকিব লুইতৰ পাৰ
নৱবৰ্ষত গুৱাহাটীবাসীয়ে লাভ কৰিব ১.২কি:মি: দৈৰ্ঘ্যৰ এখন অত্যাধুনিক উদ্যান

হয়, প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্প। উজানবজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা জিলা আয়ুক্তৰ বাসভৱনৰ সমীপলৈকে নিৰ্মাণ কৰা হৈছে এই বৃহৎ উদ্যানখন। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে মেচাৰ্ছ আই টি ডি চিমেণ্টেশ্যন ইণ্ডিয়া লিমিটেডক দিছে উদ্যানখন নিৰ্মাণৰ দায়িত্ব।

প্ৰকল্পটোত মুঠ ব্যয়ৰ পৰিমাণ ৩২৭.৩১ কোটি টকা
১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব এই আটকধুনীয়া উদ্যান
উদ্যানখনত থাকিব বাণিজ্যিক কেন্দ্ৰ, নিৰীক্ষণ টাৱাৰ, খোৱাপানী, পাকিং আদি বহু সা-সুবিধা

গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব লোৱাৰ পিছতে বৃহস্পতিবাৰে নিৰ্মিয়মান উদ্যানখনত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিভাগীয় বিষয়া-ঠিকাদাৰৰ পৰা সমগ্ৰ প্ৰকল্পটোৰ কাম-কাজৰ বুজ লয় মন্ত্ৰীজনে।

২০২৫ বৰ্ষৰ মাৰ্চত উদ্যানখন মুকলি কৰাৰ সম্ভাৱনা
বৰ্তমানলৈকে ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে ব্যয় হৈছে ৭৭ শতাংশ ধন

এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যবাসীৰ লগতে দেশ-বিদেশৰ পৰ্যটকেও গুৱাহাটীত মহাবাহুৰ নৈসৰ্গিক পৰিৱেশ উপভোগৰ এক নতুন স্থান লাভ কৰিব। কেৱল এয়াই নহয় গুৱাহাটী সৌন্দৰ্যবৰ্ধনৰ অংশস্বৰূপে চৰকাৰে হাতত লোৱা এই প্ৰকল্পই স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ নদী পৰ্যটনতো অৰিহণা যোগাব বুলি আশাবাদী বিভিন্নজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...