মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী চোৰ। কাহিলিপাৰাত এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল কেইদিনমান পূৰ্বে।

প্ৰাপ্ত তথ্য অনুসৰি, দুই অভিযুক্তই মহিলাগৰাকীৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল। সেই সময়ত মহিলাগৰাকীক স্কুটীৰে প্ৰায় ১০০ মিটাৰ পৰ্যন্ত চোঁচৰাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পাছতে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰু আজি বিশেষ পৰিস্থিতত লক্ষ্য কৰি গুলীচালনা কৰে।

আৰক্ষীৰ গুলীত আহত হোৱা দুই অভিযুক্তক প্ৰশান্ত বড়ো আৰু ৰাহুল দাস বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ভৰিত গুলী লাগিছে। আহত অৱস্থাত তেওঁলোকক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰু পৰৱৰ্তী তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু...

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...