মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু মন্দিৰত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত ১৯ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, যুৱকজনে হিন্দু মন্দিৰত গণহত্যা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বন্দুকত বিজুতি ঘটাৰ ফলত তেওঁৰ পৰিকল্পনা বিফল হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

অভিযুক্তৰ নাম আলেকজেণ্ড্ৰছ পাপোৰাকিছ। তেওঁ পালাটাইন অঞ্চলৰ বাসিন্দা। তদন্তৰ সময়ত তেওঁৰ পৰা শ্বেতাংগ শ্ৰেষ্ঠত্ববাদী (White Supremacist) মতাদৰ্শ প্ৰকাশ কৰা আৰু ভাৰতীয় মূলৰ লোকসকলৰ বিৰুদ্ধে হিংসাৰ উল্লেখ থকা এখন ঘোষণাপত্ৰ উদ্ধাৰ হোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদী ভাবুকি প্ৰদান আৰু অবৈধভাৱে অস্ত্ৰ ৰখাৰ এটাকৈ অভিযোগ উত্থাপন কৰা হৈছে।

নৱৰাত্ৰিৰে হিন্দু ধৰ্মীয় উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাত্ৰ দুসপ্তাহ পূৰ্বে আমেৰিকাৰ অ’হাইঅ’ৰ ৰিচমণ্ড হাইটছত থকা শ্ৰী স্বামীনাৰায়ণ ৱাডতাল ধাম হিন্দু মন্দিৰটো ভাঙি-ছিঙি লণ্ডভণ্ড কৰা হৈছিল।

বুধবাৰে পাপোৰাকিছক ৰলিং মেড’জৰ কুক কাউণ্টিৰ তৃতীয় মিউনিচিপাল জিলা আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। তেওঁৰ পৰৱৰ্তী শুনানি ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব।

আৰক্ষীৰ তথ্য অনুসৰি, পালাটাইনৰ টেকো বেল নামৰ খাদ্য প্ৰতিষ্ঠানটোত কেছিয়াৰ হিচাপে কাম কৰা পাপোৰাকিছৰ বিৰুদ্ধে আন এজন ব্যক্তিয়ে গণহত্যামূলক গুলীচালনাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে তদন্ত আৰম্ভ কৰা হয়।

তদন্তকাৰীসকলে জনোৱা মতে, অভিযুক্তই তেওঁৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ থকা এখন নথি আৰু ৰাইফল, ৰাইফলৰ মেগজিন, শৰীৰ সুৰক্ষাৰ বর্ম তথা অন্যান্য কৌশলগত সঁজুলি আৰু সামগ্ৰীৰ ছবি অভিযোগ দাখিল কৰা ব্যক্তিজনলৈ পঠিয়াইছিল।

আৰক্ষীৰ বিবৃতিত কোৱা হৈছে, “তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত গোচৰটোৰ তদন্তকাৰীসকলে বিশ্বাস কৰে যে পাপোৰাকিছে ১১ অক্টোবৰৰ দেওবাৰে অৰোৰা অঞ্চলৰ কোনো এটা হিন্দু উপাসনাস্থলীক সম্ভাব্য লক্ষ্য হিচাপে লৈ আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰি থাকিব পাৰে।” অৱশ্যে, তেওঁ সঠিকভাৱে কোনটো স্থানক লক্ষ্য হিচাপে বাছি লৈছিল, সেই বিষয়ে তদন্ত অব্যাহত আছে।

অভিযোগ অনুসৰি, পাপোৰাকিছে টেকো বেলৰ সহকৰ্মীসকলক কৈছিল যে দেওবাৰৰ দিনটো “এটা বিশেষ দিন” হ’ব। তদন্তকাৰীসকলৰ মতে, দেওবাৰে দিনটোৰ আগভাগত তেওঁ এজন সহকৰ্মীক ফোন কৰি জনাইছিল যে তেওঁৰ বন্দুকটো জাম হৈ গৈছে আৰু তেওঁ কাৰো চকুত নপৰাকৈ অতি সোনকালে সেই স্থানৰ পৰা আঁতৰি গৈছে।

পালাটাইন আৰক্ষী বিভাগৰ মুৰব্বী উইলিয়াম নৰ্ডে কয়, “এই অভিযোগৰ সৈতে জড়িত ভাবুকিটোৰ গুৰুত্ব কোনো কাৰণতে কমকৈ বিবেচনা কৰিব নোৱাৰি।” তেওঁ লগতে কয় যে উপাসনাস্থলীসমূহৰ সুৰক্ষা নিশ্চিত কৰাটো আইন-শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহৰ অন্যতম অগ্ৰাধিকাৰ।

পালাটাইন আৰক্ষীৰ তদন্তকাৰীসকলে অভিযুক্তৰ ইলেক্ট্ৰনিক যোগাযোগসমূহ পৰীক্ষা কৰাৰ লগতে তেওঁৰ নামত থকা বুলি কোৱা এখন নথিও পৰীক্ষা কৰে। নথিখনৰ শিৰোনাম আছিল “Why I Fought: A.K.A.: (Aurora shooter’s manifesto)”।

আৰক্ষীৰ মতে, নথিখনত শ্বেতাংগ শ্ৰেষ্ঠত্ববাদী আৰু উগ্ৰপন্থী মতাদৰ্শ প্ৰকাশ কৰা বক্তব্য থকাৰ লগতে দক্ষিণ এছিয়া মূলৰ লোকসকল, বিশেষকৈ ভাৰতীয় মূলৰ লোকসকলৰ বিৰুদ্ধে হিংসাৰ কথা উল্লেখ আছিল।

পালাটাইন আৰু মাউণ্ট প্ৰস্পেক্ট আৰক্ষী বিভাগে সমন্বিতভাৱে তাৎক্ষণিক অভিযান চলায়। দুয়োটা বিভাগৰ যৌথ প্ৰচেষ্টাত ১১ অক্টোবৰৰ সন্ধিয়া পাপোৰাকিছক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

পৰৱৰ্তী তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে অভিযুক্তৰ বাসগৃহত তালাচী চলায়। তালাচীত এটা ৰাইফল, গুলী ভৰ্তি একাধিক ৰাইফলৰ মেগজিন, অতিৰিক্ত ৰাইফলৰ কেইবাশ গুলী, কৌশলগত সঁজুলি আৰু তদন্তৰ বাবে প্ৰাসংগিক বুলি বিবেচিত আন কিছুমান সামগ্ৰী উদ্ধাৰ কৰা হয়।

ইয়াৰ উপৰি, শৰীৰ সুৰক্ষাৰ বর্ম থকা এটা কৌশলগত ভেষ্টো উদ্ধাৰ কৰা হয়। সেই ভেষ্টত শ্বেতাংগ শ্ৰেষ্ঠত্ববাদী উগ্ৰপন্থীৰ সৈতে সম্পৰ্কিত প্ৰতীক থকা এটা পেচ সংলগ্ন আছিল বুলি আৰক্ষীয়ে জনায়।

পাপোৰাকিছৰ বিৰুদ্ধে দুটা পৃথক অভিযোগ উত্থাপন কৰা হৈছে—সন্ত্ৰাসবাদী ভাবুকি প্ৰদান আৰু অবৈধভাৱে অস্ত্ৰ ৰখা। পালাটাইন আৰক্ষী বিভাগে জনোৱা মতে, গোচৰটোৰ তদন্ত এতিয়াও চলি আছে আৰু সম্ভাব্য অতিৰিক্ত অভিযোগৰ বিষয়েও পৰ্যালোচনা কৰা হৈছে। এই তদন্তত এফবিআইৰ সৈতেও আৰক্ষীয়ে ঘনিষ্ঠভাৱে সহযোগিতা কৰি আছে।

আৰক্ষীয়ে লগতে জনাইছে যে এই ঘটনাৰ সৈতে জড়িত হৈ জনসাধাৰণৰ প্ৰতি বৰ্তমান কোনো নিৰ্দিষ্ট অব্যাহত ভাবুকি থকাৰ তথ্য লাভ কৰা হোৱা নাই।

পালাটাইন আৰক্ষী বিভাগৰ মুৰব্বী উইলিয়াম নৰ্ডে পুনৰ কয় যে পালাটাইন আৰু মাউণ্ট প্ৰস্পেক্ট আৰক্ষীৰ মাজত তাৎক্ষণিকভাৱে তথ্যৰ আদান-প্ৰদান আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰাৰ ফলত অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাটো সম্ভৱ হৈছিল।

ঘটনাটোক লৈ হিন্দু আমেৰিকান ফাউণ্ডেচনে সামাজিক মাধ্যম এক্সত এটা পোষ্টযোগে কয়, “আমি আইন-শৃংখলা ৰক্ষাকাৰী সংস্থাসমূহৰ দ্ৰুত পদক্ষেপক প্ৰশংসা কৰিছোঁ।”

সংগঠনটোৱে লগতে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আৰু যিকোনো সম্ভাব্য ভাবুকিৰ বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনায়। পোষ্টটোত কোৱা হয়, “প্ৰতিটো সম্প্ৰদায়ে ভয় নোহোৱাকৈ উপাসনা কৰাৰ অধিকাৰ পাব লাগে।”

আন এটা পোষ্টত সংগঠনটোৱে দাবী কৰে যে গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত পাপোৰাকিছ ইতিমধ্যে হিন্দু মন্দিৰটোত উপস্থিত হৈছিল আৰু গুলীচালনা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বন্দুকটো জাম হৈ যোৱাত তেওঁ সফল নহ’ল বুলি সংগঠনটোৱে দাবী কৰে।

সংগঠনটোৰ মতে, অভিযুক্তই নিজকে “সমাজবিৰোধী প্ৰৱণতাৰ শ্বেতাংগ শ্ৰেষ্ঠত্ববাদী নৱ-নাজী” বুলি বৰ্ণনা কৰে আৰু প্ৰায় প্ৰতিদিনে গণহত্যাৰ কল্পনা কৰি আহিছিল বুলি উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...