চাইকেলক অসমীয়াত কি বুলি কোৱা হয় জানেনে?

চাইকেল হৈছে মানুহৰ দ্বাৰা চালিত, পেডেল-নিয়ন্ত্ৰিত বাহন।

বহু লোকৰ বাবে খোজকঢ়াটো কঠিন। তেনে লোকেও সহজে চাইকেলেৰে যাত্ৰা কৰিব পাৰে।

আপুনি বাৰু জানেনে চাইকেলক অসমীয়াত কি বুলি কোৱা হয়? চাইকেলৰ অসমীয়া নাম, অসমীয়া অৰ্থ কি? হয়তো ৯৯ শতাংশ লোকেই দিব নোৱাৰিব শুদ্ধ উত্তৰ!

১৮১৭ চনত বিখ্যাত জাৰ্মান বিজ্ঞানী কাৰ্ল ভন ড্ৰাইছে মানহাইম চহৰত প্ৰথমখন চাইকেল আৱিষ্কাৰ কৰিছিল। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল। এই ‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ ডা ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল।

বিশ্বৰ সকলো দেশতে ব্যৱহাৰ কৰা হয় চাইকেল। বহু লোকৰ বাবে চাইকেল আৱেগ।

বৰ্তমান লাখ লাখ টকাৰ চাইকেল দোকানত কিনিব পৰা যায়। কিন্তু এই চাইকেলখনৰ নাম অসমীয়াত কি? পলম নকৰি জানো আহকচোন।

চাইকেলখনৰ অসমীয়া নাম হৈছে ‘দ্বিচক্ৰযান’। এই দুচকীয়া বাহনখন অতি সহজ আৰু চুটি ভাষাত প্ৰকাশ কৰিব পাৰি। ‘দ্বি’ শব্দৰ অৰ্থ দুটা। আনহাতে ‘চক্ৰ’ মানে চকা। আৰু যান শব্দটোৰ অৰ্থ বাহন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...