চাইকেলক অসমীয়াত কি বুলি কোৱা হয় জানেনে?

চাইকেল হৈছে মানুহৰ দ্বাৰা চালিত, পেডেল-নিয়ন্ত্ৰিত বাহন।

বহু লোকৰ বাবে খোজকঢ়াটো কঠিন। তেনে লোকেও সহজে চাইকেলেৰে যাত্ৰা কৰিব পাৰে।

আপুনি বাৰু জানেনে চাইকেলক অসমীয়াত কি বুলি কোৱা হয়? চাইকেলৰ অসমীয়া নাম, অসমীয়া অৰ্থ কি? হয়তো ৯৯ শতাংশ লোকেই দিব নোৱাৰিব শুদ্ধ উত্তৰ!

১৮১৭ চনত বিখ্যাত জাৰ্মান বিজ্ঞানী কাৰ্ল ভন ড্ৰাইছে মানহাইম চহৰত প্ৰথমখন চাইকেল আৱিষ্কাৰ কৰিছিল। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ দুটা মাত্ৰ চকা—এটা আগত,এটা পিছত,চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল। এই ‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ ডা ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল।

বিশ্বৰ সকলো দেশতে ব্যৱহাৰ কৰা হয় চাইকেল। বহু লোকৰ বাবে চাইকেল আৱেগ।

বৰ্তমান লাখ লাখ টকাৰ চাইকেল দোকানত কিনিব পৰা যায়। কিন্তু এই চাইকেলখনৰ নাম অসমীয়াত কি? পলম নকৰি জানো আহকচোন।

চাইকেলখনৰ অসমীয়া নাম হৈছে ‘দ্বিচক্ৰযান’। এই দুচকীয়া বাহনখন অতি সহজ আৰু চুটি ভাষাত প্ৰকাশ কৰিব পাৰি। ‘দ্বি’ শব্দৰ অৰ্থ দুটা। আনহাতে ‘চক্ৰ’ মানে চকা। আৰু যান শব্দটোৰ অৰ্থ বাহন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...