ত্ৰিশূল ছুপাৰৰ চালক-হেণ্ডিমেনে ছুৰিকাঘাত কৰিলে এজনক

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ ঘটনা। এজনক ছুৰিকাঘাত ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গুৰুতৰভাৱে আহত চুলেমান হুছেইন নামৰ যুৱকজন। গাড়ী ভাৰাক লৈ যাত্ৰী মুকেশ শ্বাহৰ সৈতে হৈছিল কথাৰ কটাকটি হৈছিল ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গাড়ী ৰখাই যাত্ৰী মুকেশ আৰু ত্ৰিশূল ছুপাৰৰ চালক–হেণ্ডিমেনৰ তৰ্ক। পিছফালৰ পৰা গাড়ীৰে গৈ থকা চালক চুলেমানে বাধা দিছিল কাজিয়াত। বাধা প্ৰদান কৰোতে পিঠিত ছুৰীৰে আঘাত চুলেমান হুছেইনক। অত্যাধিক ৰক্তক্ষৰণ হোৱাত জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ লোকজনক। উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ চুলেমানক। গাড়ীখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...