ফেচবুক, হোৱাটছআপৰ ধামখুমীয়াত অতীত হ’ল হেঁপাহৰ চিঠিখন

কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ? যান্ত্ৰিকতাৰ পৰা আঁতৰি আলফুলীয়া শব্দৰে ভৰা বুকুৰ ভিতৰৰ কুহুমীয়া বিষ অনুভৱ কৰিছেনে? ফেচবুক, হোৱাটছএপৰ ধামখুমীয়াত হেঁপাহৰ চিঠিখন অতীত হ’ল। নোহোৱা হল চিঠি লিখাৰ মাদকতা।ইয়াৰ মাজতে ঢকুৱাখনা গ্ৰন্থমেলাৰ এক অভিনৱ প্ৰয়াস। আজিৰ প্ৰজন্মই নাজানে চিঠি লিখাৰ মাদকতা, নাজানে চিঠি পঢ়াৰ আনন্দ, নুশুনে চিঠি লৈ অহা ডাকোৱালৰ সেই মাত । যিজন ডাকোৱালৰ চিঠিৰ টোপোলাত আছিল হাঁহি বিৰিঙাব কিছু খবৰ। ডাকঘৰৰ সেই ৰঙা ৰঙৰ পোষ্টেল বক্সটো আজিৰ দিনত অৱহেলিত। তেনে সময়তে ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিয়ে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীতবোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিলে চিঠি লিখা প্ৰতিযোগিতা। ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিয়ে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীতবোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিলে চিঠি লিখা প্ৰতিযোগিতা। শিক্ষাৰ্থীসকলে মনৰ ভাৱ প্ৰকাশ কৰি পিতৃ-মাতৃ অথবা বন্ধু-বান্ধবীলৈ লিখিলে এখন চিঠি। ঢকুৱাখনাৰ কেইবাখনো বিদ্যাল়য়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ ললে চিঠি লিখা প্ৰতিযোগিতাত।চিঠি লিখা প্ৰতিযোগিতাত ভাগ লৈ আনন্দিত হৈ পৰিল শিক্ষাৰ্থী। ব্যক্ত কৰিলে মনৰ ভাৱ। আয়োজক সমিতিয়েও ক’লে চিঠি লিখা প্ৰতিযোগিতাৰ উদ্দেশ্যৰ কথা। এনেদৰেই এটা দিনৰ বাবে হলেও এইসকল শিক্ষাৰ্থী উভতি গল অতীতলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...