ফেচবুক, হোৱাটছআপৰ ধামখুমীয়াত অতীত হ’ল হেঁপাহৰ চিঠিখন

কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ? যান্ত্ৰিকতাৰ পৰা আঁতৰি আলফুলীয়া শব্দৰে ভৰা বুকুৰ ভিতৰৰ কুহুমীয়া বিষ অনুভৱ কৰিছেনে? ফেচবুক, হোৱাটছএপৰ ধামখুমীয়াত হেঁপাহৰ চিঠিখন অতীত হ’ল। নোহোৱা হল চিঠি লিখাৰ মাদকতা।ইয়াৰ মাজতে ঢকুৱাখনা গ্ৰন্থমেলাৰ এক অভিনৱ প্ৰয়াস। আজিৰ প্ৰজন্মই নাজানে চিঠি লিখাৰ মাদকতা, নাজানে চিঠি পঢ়াৰ আনন্দ, নুশুনে চিঠি লৈ অহা ডাকোৱালৰ সেই মাত । যিজন ডাকোৱালৰ চিঠিৰ টোপোলাত আছিল হাঁহি বিৰিঙাব কিছু খবৰ। ডাকঘৰৰ সেই ৰঙা ৰঙৰ পোষ্টেল বক্সটো আজিৰ দিনত অৱহেলিত। তেনে সময়তে ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিয়ে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীতবোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিলে চিঠি লিখা প্ৰতিযোগিতা। ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিয়ে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীতবোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিলে চিঠি লিখা প্ৰতিযোগিতা। শিক্ষাৰ্থীসকলে মনৰ ভাৱ প্ৰকাশ কৰি পিতৃ-মাতৃ অথবা বন্ধু-বান্ধবীলৈ লিখিলে এখন চিঠি। ঢকুৱাখনাৰ কেইবাখনো বিদ্যাল়য়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ ললে চিঠি লিখা প্ৰতিযোগিতাত।চিঠি লিখা প্ৰতিযোগিতাত ভাগ লৈ আনন্দিত হৈ পৰিল শিক্ষাৰ্থী। ব্যক্ত কৰিলে মনৰ ভাৱ। আয়োজক সমিতিয়েও ক’লে চিঠি লিখা প্ৰতিযোগিতাৰ উদ্দেশ্যৰ কথা। এনেদৰেই এটা দিনৰ বাবে হলেও এইসকল শিক্ষাৰ্থী উভতি গল অতীতলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...