পথ নিৰাপত্তা সন্দৰ্ভত জিলা আযুক্ত, আৰক্ষী অধীক্ষক, পৰিবহন আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ লগত মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং

দিছপুৰ, ২৪ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সভাকক্ষত জিলা আযুক্ত, আৰক্ষী অধীক্ষক, পৰিবহন আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে এক বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুর্ঘটনা, পথ সুৰক্ষা আইন বলৱৎ, পৰিবহন আৰু আৰক্ষী বিভাগে পথ দুর্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰাজি আদি বিষয়সমূহ পর্যালোচনা কৰা হয়।

এই বৈঠকত পৰিবহন বিভাগ আৰু আৰক্ষীয়ে জিলাসমূহত কি কি কাৰকৰ বাবে দুর্ঘটনা সংঘটিত হয় সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত হোৱা দুর্ঘটনা সম্পর্কতো এই বৈঠকত আলোচনা কৰা হয়। নিশা দহ বজাৰ পিছত সুৰাপান কৰি যাতে গাড়ী চলাচল কৰিব নোৱাৰে তাৰ বাবে অহা ১৫ জানুৱাৰীলৈকে সমগ্র ৰাজ্যখনতে কঠোৰ পদক্ষেপ ল’বলৈও আৰক্ষী আৰু পৰিবহন বিভাগক মুখ্যমন্ত্ৰীয়ে নির্দেশ প্রদান কৰে।

বৈঠকত মুখ্যমন্ত্রীয়ে ফুট অভাৰ ব্ৰীজ, উৰণ সেতুসমূহত যথোপযুক্ত পোহৰৰ ব্যৱস্থা কৰিবলৈও সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। গ্রামাঞ্চলৰ ভিতৰত থকা পথসমূহত হোৱা দুৰ্ঘটনাৰ বিষয়টো এই বৈঠকতে আলোচনা কৰা হয়। পথসমূহত হোৱা দুৰ্ঘটনাৰ কাৰণসমূহ সংশ্লিষ্ট বিভাগে মুখ্যমন্ত্রীক অৱগত কৰে। তেওঁ বিদ্যালয়, হাস্পতাল, থানা আদিৰ সন্মুখত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নির্দেশ দিয়ে। গ্রামাঞ্চলৰ পথসমূহত এক কিলোমিটাৰৰ ভিতৰত দুটাকৈ স্পীড ব্ৰেকাৰ গঢ়ি তোলা আৰু এই সম্পর্কত গাঁৱৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি স্থান নির্ধাৰণ কৰাৰ লগতে পথ নিৰ্মাণৰ সময়ত ডিজাইন প্রস্তুত কৰোতে এই বিষয়টো অন্তৰ্ভূক্ত কৰাৰ বাবে লোকনির্মাণ বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। এই ক্ষেত্রত এখন এছ অ’ পি প্ৰকাশৰ ব্যৱস্থা ল’বলৈও মুখ্য সচিবক তেওঁ নির্দেশ দিয়ে। স্ট্রীট লাইট, স্পীড ব্ৰেকাৰ, বেনাৰ আদি পথ নিৰ্মাণৰ সময়তে অন্তৰ্ভূক্ত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

সীমান্তৰ জিলাসমূহত গাড়ী প্ৰৱেশৰ সম্পৰ্কত আৰক্ষী অধীক্ষকসকলক বিশেষ নির্দেশনা দিয়াৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাসমূহে উপযুক্ত পার্কিঙৰ ব্যৱস্থা কৰিব লাগিব। কেনো ট্রাক ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাব নোৱাৰিব। এই ক্ষেত্ৰত জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশনা দিবলৈও তেওঁ মুখ্য সচিবক নির্দেশ দিয়ে। জনসাধাৰণে যাতে পথ পৰিবহনৰ সম্পৰ্কত চৰকাৰীভাৱে জাৰি কৰা বিষয়সমূহ অৱগত হ’ব পাৰে তাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল প্লেটর্ফমত বিভিন্ন ভাষাত প্ৰচাৰৰ বাবেও যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ প্ৰদান কৰে।

Popular

More like this
Related

হাতত এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত প্ৰৱেশ এজনৰ

এখন চিকিৎসালয়ত হঠাৎ হাহাকাৰ লাগিল। হাতত এডাল বিষাক্ত সাপ...

বাজপেয়ী আছিল শান্তিৰ দূত: মুখ্যমন্ত্ৰী

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্রীয়ে...

ফেচবুক, হোৱাটছআপৰ ধামখুমীয়াত অতীত হ’ল হেঁপাহৰ চিঠিখন

কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ?...

ত্ৰিশূল ছুপাৰৰ চালক-হেণ্ডিমেনে ছুৰিকাঘাত কৰিলে এজনক

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ ঘটনা। এজনক ছুৰিকাঘাত ছুপাৰৰ চালক–হেণ্ডিমেনৰ। গুৰুতৰভাৱে...