অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ

অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ। চৰাইদেউৰ নামতোলাৰ পৰা অপহৰণ কৰিছিল ব্যৱসায়ী মুছলেক আলীক। নগা বিদ্ৰোহী সংগঠন আঙমাইয়ে অজ্ঞাত স্থানত মুকলি কৰি দিয়ে মুছলেকক। ২৫ নৱেম্বৰত অপহৰণ কৰিছিল ব্যৱসায়ীজনক।। মুছলেক আলীক অপহৰণক লৈ সীমান্তত সৃষ্টি হৈছিল উত্তেজনা। অপহৰণৰ পিছতে অৰ্থনৈতিক অৱৰোধ কৰিছিল স্থানীয় ব্যৱসায়ীসকলে। দুয়োখন ৰাজ্যৰ বিভিন্ন দল–সংগঠনৰ মধ্যস্থতাত শাম কাটিছিল প্ৰতিবাদ। আৰক্ষীয়ে দীৰ্ঘদিনে শুংসূত্ৰ উলিয়াব পৰা নাছিল অপহৃত মুছলেকৰ । অপহৃত মুছলেক আলীক মুকলিৰ বিনিময়ত ধনদাবী কৰিছিল নগা সংগঠনটোৱে। অৱশেষত শনিবাৰে অজ্ঞাত স্থানত মুছলেক আলীক মুকলি কৰি দিয়ে সংগঠনটোৱে। ধন নোলোৱাকৈ তেওঁক মুকলি কৰি দিয়া বুলি দাবী মুছলেক আলীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...