ডায়েট, ডিব্ৰুগড়ত অন্তঃজিলা কুইজ প্ৰতিযোগিতা

চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, ডিব্ৰুগড়ৰ উদ্যোগত এখনি অন্তঃজিলা কুইজ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ১৩ ডিচেম্বৰ, ২০২৪ তাৰিখ শুক্ৰবাৰে ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ (নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত) মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনে জ্ঞানৰ ক্ষুধা তথা সুস্থ প্ৰতিযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে|

এই কুইজ প্ৰতিযোগিতাখনত সাধাৰণ জ্ঞান, বৰ্তমানকালীন বিষয়, বিজ্ঞান, সাহিত্য আৰু ইতিহাসৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি অংশগ্ৰহণকাৰীসকলৰ মেধাৰ পৰীক্ষা ল’ব। ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ক নিজৰ সৰ্বশ্ৰেষ্ঠ দল সমূহ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই প্ৰতিযোগিতাত বিজয়ী প্ৰথম তিনিটা দলক ক্ৰমে ৫০০০ টকা, ৪০০০ টকা আৰু ৩০০০ টকা সহ ট্ৰফী আৰু প্ৰমাণপত্ৰৰে সন্মানিত কৰা হ’ব| চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান প্ৰাপ্ত দলকো ১০০০ টকাৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হৈছে|

প্ৰতিষ্ঠানখনৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই মন্তব্য প্ৰকাশ কৰি কয়, “এই প্ৰতিযোগিতাখন ছাত্ৰ-ছাত্ৰীৰ মাজত সহযোগিতামূলক শিক্ষণ আৰু সমালোচনাত্মক চিন্তাৰ দক্ষতা বৃদ্ধিৰ দিশত এক পদক্ষেপ। আমি আশা কৰিছো যে প্ৰতিযোগিতাখন প্ৰতিবছৰে অনুষ্ঠিত কৰি যুৱ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিব পাৰিম।”

প্ৰতিযোগিতাখন সন্দৰ্ভত অধিক তথ্য আৰু নামভৰ্তিৰ বাবে বিদ্যালয়সমূহক আয়োজক সমিতিৰ সম্পাদকদ্বয় ক্ৰমে প্ৰবক্তা স্বৰাজ ফুকন (ফ’ন নং-৯৭০৭৬৩৬৭৩৫) আৰু প্ৰবক্তা ৰঞ্জন বৰাৰ (ফ’ন নং-৮৬৩৮০৭৫৯২৩) লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...