পলকতে পঢ়ক কেবিনেটৰ ডাঙৰ সিদ্ধান্তসমূহ

কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। আধাৰ কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত। আধাৰৰ সম্পূৰ্ণ পৰীক্ষণ হৈছেনে নাই নিৰীক্ষণ কৰা হ’ব। অতিৰিক্ত আয়ুক্তই নিৰীক্ষণ কৰিব আধাৰৰ সম্পূৰ্ণ পৰীক্ষা। সাধাৰণ প্ৰশাসন বিভাগে ন’ডেল বিভাগ হিচাপে কাম কৰিব। UIDAI–এ আধাৰ কাৰ্ড আবেদন কৰাৰ লগে লগে আহিব চৰকাৰৰ প’ৰ্টেললৈ। NRC আবেদনৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দিয়া হ’ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চক্ৰ বিষয়াৰো হ’ব গুৰুত্বপূৰ্ণ ভূমিকা। আধাৰ কাৰ্ড ইচ্ছ্যু কৰা পদ্ধতি টনকিয়াল কৰিব চৰকাৰে। ৰাজহ চক্ৰ বিষয়াক কঠোৰ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

মাটিৰ খাজানা সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পূৰ্বৰ মৌজাদাৰী পদ্ধতিৰেই দিব পাৰিব মাটিৰ খাজানা। ডিজিটেল পদ্ধতিৰেও মাটিৰ খাজানা দিয়াৰ ব্যৱস্থা হ’ব উপলব্ধ। বিগত বছৰত মাটিৰ খাজানা ডিজিটেল কৰাৰ লোৱা হৈছিল সিদ্ধান্ত। এই ব্যৱস্থাৰ ফলত উপকৃত হৈছিল অসমত নথকা লোকসকল। কিন্তু অসমৰ থলুৱালোকে দিব পৰা নাছিল মাটিৰ খাজানা। এতিয়াৰ পৰা পুনৰ কাৰ্যক্ষম হ’ব পূৰ্বৰ মৌজাদাৰী পদ্ধতি। এই পদ্ধতিৰে উপকৃত হ’ব ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল। নামঘৰ, স্কুল, মন্দিৰ আদি মাটিৰ পট্টা ল’বলৈ কৰিব নালাগে ছ’চাইটিৰ পঞ্জীয়ন। ছ’চাইটিৰ পঞ্জীয়ন নকৰাকৈ মিছন বসুন্ধৰাৰ জৰিয়তে কৰিব পাৰিব আবেদন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...