গো মাংস বিক্ৰী কৰি গেলেকী আৰক্ষীৰ জালত দুজনকৈ লোক

আজৱ! ধান খোৱাৰ বাবেই কৰিলে গৰুৰ ঠেঙত আঘাত…ৰাতিও গৰুৰ ঠেং ভাল নোহোৱাত গৃহস্থই হত্যা কৰি বিক্ৰী কৰিলে মাংস! গো মাংস বিক্ৰী কৰি আৰক্ষীৰ জালত দুজনকৈ লোক।

ৰাজ্যত গো মাংস বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা সষ্টম হৈ পৰিছে অসম আৰক্ষী। এইবাৰ গো মাংস বিক্ৰী কৰি গেলেকী আৰক্ষীৰ জালত দুজনকৈ লোক। গো মাংস বিক্ৰী কৰাৰ অপৰাধত গেলেকীৰ লক্ষ্মীজান বাগিচাৰ ৬ নং লাইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২জনকৈ লোকক। লোক দুজন চানচন লগন আৰু চামৰা মুণ্ডা। স্থানীয় গাওঁৰক্ষী বাহিনীৰ অভিযোগৰ ভিত্তিত গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক দুজনক। জানিব পৰা মতে চামৰা মুণ্ডা নামৰ লোকজনে নিজ গৃহৰ এটা আঘাতপ্ৰাপ্ত গৰু কাটি মাংস বিক্ৰী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...