অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তি চুৰিক লৈ কি ক’লে শিখা মজিন্দাৰ বৰুৱাই?

বহু চৰ্চিত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ আকৌ চৰ্চালৈ আহিছে। বৃহস্পতিবাৰে নিশা অগ্নিনাভ শিৱ মন্দিৰত ঘটিল কোনেও কাহানিও কল্পনা নকৰা এক অনাকাংক্ষিত ঘটনা। বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত সংঘটিত হ’ল চুৰিকাণ্ড। চোৰে নিলে বাবা অগ্নিনাভৰ মূৰ্তি। ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে মন্দিৰৰ মূল মূৰ্তিভাগ। মূৰ্তিসহ গ্ৰেপ্তাৰ হ’ল আৰিফ আলী। আনফালে বৰ্তমানেও পলাতক আন এটা চোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত NKTVতো সম্প্ৰচাৰ হৈছিল বাতৰি। শেহতীয়াকৈ NKTVৰ এক অনুষ্ঠানত ভাগ ল’লে মন্দিৰৰ স্বত্বাধিকাৰী শিখা মজিন্দাৰ বৰুৱাই। অনুষ্ঠানত বৰুৱাই মন্দিৰ সম্পৰ্কে উল্লেখ কৰিলে বহু কথা। মন্দিৰৰ মূৰ্তি চুৰিক লৈও শিখা মজিন্দাৰ বৰুৱাই কৰিলে কেইবাটাও মন্তব্য। তেওঁ ক’লে যে ‘এয়া যি হৈছে ভালৰ বাবে হৈছে…’ অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তি চুৰিক লৈ আৰু কি ক’লে শিখা মজিন্দাৰ বৰুৱাই? চাওক সবিশেষ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...