কেতিয়াৰ পৰা আৰম্ভ হৈছিল অগ্নিনাভ শিৱ মন্দিৰ? 

বহু চৰ্চিত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ আকৌ চৰ্চালৈ আহিছে। বৃহস্পতিবাৰে নিশা অগ্নিনাভ শিৱ মন্দিৰত ঘটিল কোনেও কাহানিও কল্পনা নকৰা এক অনাকাংক্ষিত ঘটনা। বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত সংঘটিত হ’ল চুৰিকাণ্ড। চোৰে নিলে বাবা অগ্নিনাভৰ মূৰ্তি। ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে মন্দিৰৰ মূল মূৰ্তিভাগ। মূৰ্তিসহ গ্ৰেপ্তাৰ হ’ল আৰিফ আলী। আনফালে বৰ্তমানেও পলাতক আন এটা চোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত NKTVতো সম্প্ৰচাৰ হৈছিল বাতৰি। শেহতীয়াকৈ NKTVৰ এক অনুষ্ঠানত ভাগ ল’লে মন্দিৰৰ স্বত্বাধিকাৰী শিখা মজিন্দাৰ বৰুৱাই। অনুষ্ঠানত বৰুৱাই মন্দিৰ সম্পৰ্কে উল্লেখ কৰিলে বহু কথা। আপুনি বাৰু অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে কিমান জানে? জানেনে কেতিয়াৰ পৰা আৰম্ভ হৈছিল অগ্নিনাভ শিৱ মন্দিৰ? চাওক কি ক’লে শিখা মজিন্দাৰ বৰুৱাই

Popular

More like this
Related

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫: সৰুসজাইত ক্ৰীড়া বিভাগৰ উদ্যোগত প্ৰস্তুতি শিবিৰ

বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা আসন্ন সপ্তম...

পেহেলগামত হনিমুনলৈ গৈ কৰুণ মৃত্যু, সপোনবোৰ আৰু দিঠক নহয় কেতিয়াও

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত এতিয়া শোকাকুল পৰিৱেশ।...

NKTV PLUSত পেহেলগামৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী বৰ্ণনা EXCLUSIVE

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত উপস্থিত আছিল অসমৰ এটা...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল অসমৰ এটি পৰিয়াল

জম্মু-কাশ্মীৰৰ পেহেলগামত আবদ্ধ অসমৰ এটি পৰিয়ালমঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা...