প্ৰেমজনিত কাৰণতেই সংঘটিত হ’ল নেকি ৰূপহীহাটৰ গড়াজানৰ হত্যাকাণ্ড?

ৰূপহীহাটৰ গড়াজানত যোৱা ২২ নৱেম্বৰত সংঘটিত ঘটনাই আজিও শোকবিহ্বল কৰি ৰাখিছে সমগ্ৰ অঞ্চল। বুধবাৰে বিয়াৰ কথা আছিল যুৱতীগৰাকীৰ। সেই যুৱতীৰ পিতৃ-মাতৃ-ভগ্নীক নৃশংসভাবে হত্যা কৰিলে দুৰ্বৃত্তই। সেইখন ঘৰত চলে বিয়াৰ প্ৰস্ততি। বিবাহৰ বাবে আৰম্ভ হৈছিল পেণ্ডেলৰ কাম। শুকুৰবাৰে সন্ধিয়া বিয়া উপলক্ষে ভাতৃ ভাস্কৰজ্যোতি সৰকাৰৰ সৈতে কইনা বজাৰ কৰিবলৈ গৈছিল নগাঁৱলৈ। তেতিয়াই কোনেও সপোনতো নভবা ঘটনাটো সংঘটিত হৈছিল। দূৰ্বৃত্তই ঘৰত সোমাই ডিঙি ৰেপি হত্যা কৰিছিল গুণধৰ সৰকাৰ, পত্নী সৰোজিনী সৰকাৰ আৰু কন্যা জয়স্মিতা সৰকাৰৰ লগতে যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰক।

ঘটনাৰ ৬ দিন উকলি গ’ল। এতিয়া কইনাৰ ঘৰৰ চৌহদত বিৱাহৰ পেণ্ডেল আছে মানুহ নাই। নিমাওমাও পৰিৱেশ। দৰা-কইনা দুয়োজন আছে কিন্তু বিবাহ অনুষ্ঠিত হোৱা নাই। আজিও ভেদ হোৱা নাই ৰহস্য। কোনে সংঘটিত কৰিছিল সেই ঘটনা। তদন্ত, ন্যায় দাবী কৰিছে ৰাইজে।

ঘটনা ঘটি যোৱাৰ পাছতে আৰম্ভ হৈছিল অভিযোগ-প্ৰতি অভিযোগৰ খেল। কইনালৈ সন্দেহৰ আঙুলি টোৱাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত অনুপম সূত্ৰধৰৰ পৰিয়ালে। এতিয়াও সম্বিত ঘূৰাই পোৱা নাই মৃত গুণধৰ সৰকাৰৰ ডাঙৰ জীয়ৰীয়ে। এইবাৰ কইনাৰ পৰিয়ালে উত্থাপন কৰিছে আন কেতবোৰ অভিযোগ। অনুপম সূত্ৰধৰে ৬ মাহ পূৰ্বে ভাবুকি দিছিল বিয়াত বহিবলৈ ওলোৱা যুৱকক। গুণ্ডা বাহিনী লৈ ভাবুকি দিয়াৰ অভিযোগ।

অনুপমৰো হেনো বিয়া ঠিক হৈছিল। তেন্তে কিয় এই ঘটনা? প্ৰেমজনিত কাৰণতেই ঘটিল নেকি সেই ঘটনাটো? সকলো ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে তদন্ত কৰি ৰহস্য ভেদ কৰালৈ ৰৈ আছে সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...