অৱশেষত আৰক্ষীৰ জালত ডিমৌৰ ২ ধৰ্ষণকাৰী

অৱশেষত আৰক্ষীৰ জালত ডিমৌৰ ২ ধৰ্ষণকাৰী। সুনীল তপ্ন আৰু লুথাৰ তপ্ন ওৰফে ভাইটিক গ্ৰেপ্তাৰ। বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে দিনৰ ভাগত ডিমৌ আৰক্ষীয়ে শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ঘটনাৰ মুখ্য অভিযুক্ত লুথাৰ তপ্ন ওৰফে ভাইটিক। ভাইটিৰ স্বীকাৰোক্তিৰ ভিত্তিত সন্ধিয়া মাৰ্ঘেৰিটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ আনটো মুখ্য অভিযুক্ত সুনীল তপ্নক। ঘটনা সন্দৰ্ভত জবানবন্দী সংগ্ৰহৰ পিছত কাইলৈ দিনৰ ভাগত দুয়োকে আদালতত হাজিৰ কৰাব ডিমৌ আৰক্ষীয়ে। এই সফল অভিযানৰ পিছতে ৬ দিন মূৰত স্বস্তিৰ নিশ্বাস পেলালে ডিমৌ আৰক্ষীয়ে।

ডিমৌত ২২ নৱেম্বৰত সংঘটিত নাবালিকাৰ চাঞ্চল্যকৰ অপহৰণ আৰু ধৰ্ষণৰ ঘটনাৰ পিছৰে পৰাই প্ৰচণ্ড চাপত আছিল ডিমৌ আৰক্ষী। ঘটনাৰে জড়িত ৩ অভিযুক্তৰ গ্ৰেপ্তাৰত ব্যৰ্থ ডিমৌ আৰক্ষীক ধাৰাবাহিকভাৱে ধিক্কাৰ দিছিল বিভিন্ন দল-সংগঠনে।
বুধবাৰেও ভুক্তভোগী নাবালিকাৰ বাবে ন্যায় বিচাৰি ৰাজপথত নামিছিল শিৱসাগৰৰ ৰাইজ। শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত ন্যায় বিচাৰি প্ৰতিবাদ অসম ছাত্ৰ যুৱ সন্মিলন, অনুসূচিত জাতি ছাত্ৰ সন্থা, আক্ৰাছু আৰু থলুৱা মুছলিম কল্যাণ পৰিষদৰ।
আৰক্ষীৰ ব্যৰ্থতাক একেমুখে গৰিহণা সকলোৰে।

সুনীল তপ্ন আৰু লুথাৰ তপ্ন ওৰফে ভাইটিৰ গ্ৰেপ্তাৰৰ পিছতো পলাতক হৈ আছে আন এটা অভিযুক্ত। ঘটনাৰ দিনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাংচুডু খেলুৱৈগৰাকীৰ অপহৰণত ব্যৱহৃত টাটা এচি গাড়ীখনৰ চালকজনক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ এই ব্যৰ্থতাৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰত গৰজি উঠিল ৰাইজ।

পিছে মুখ্য অভিযুক্তদ্বয়ৰ গ্ৰেপ্তাৰৰ পিছত ডিমৌ আৰক্ষীৰ আত্মবিশ্বাস তুংগত- শীঘ্ৰেই জালত পৰিব পলাতক ৩য়টো অভিযুক্তও। কিন্তু গ্ৰেপ্তাৰেই শেষ নহয়। ধৰ্ষিতাৰ ন্যায় প্ৰাপ্তিৰ বাবে প্ৰয়োজন হ’ব ৩ অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ শক্তিশালী চাৰ্জশ্বীট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...